হিমন্ত বিশ্ব চৰকাৰে অসমক লৈ গৈ আছে শ্ৰীলংকাসদৃশ অৰ্থনীতিলৈ: আপ

পুনৰ ১০০০ কোটি টকাৰ ঋণ ল'ব বিচৰা বিজেপি চৰকাৰে বিত্তীয় অনুশাসন শিকক

Himanta Biswa Sarma

পুনৰ ১০০০ কোটি টকাৰ ঋণ ল’বলৈ আগবাঢ়িছে অসম চৰকাৰ। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে আম আদমী পাৰ্টিয়ে। একমাত্ৰ ঋণৰ সুদ আদায় দিবলৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ ১০০০ কোটি টকাৰ ঋণ ল’বলৈ যো-জা চলোৱা বুলি অভিযোগ তুলিছে আপে।

চৰকাৰৰ এই কাৰ্যক আম আদমী পাৰ্টিয়ে লগতে অদূৰদৰ্শী কাৰ্য আৰু চৰকাৰৰ ধোঁৱাখুলীয়া চৰিত্ৰ বুলি অভিহিত কৰিছে। আপৰ অভিযোগ মতে, কোনো উৎপাদনমূলক কামত ব্যয় নকৰাকৈ অসম চৰকাৰ ইতিমধ্যে ইতিমধ্যে ১ লাখ ৩২ হাজাৰ কোটি টকাৰ ঋণ লৈ টেঁটুলৈকে ধাৰত পোত গৈ আছে।

ইয়াৰ পাছতো একমাত্ৰ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ আৰু ঋণৰ সুদ আদায় দিবলৈকে পুনৰ ১০০০ কোটি টকা ল’বলৈ আগ বঢ়া চৰকাৰে অসমৰ অৰ্থনীতি শ্ৰীলংকাসদৃশ কৰিবলৈ গৈ আছে। এই অভিযোগ আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ।

চৌধুৰীয়ে কয়, “পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাজ্যখনক ৩৫,৬৯০ কোটি টকাৰ ঋণৰ বোজা দি থৈ যোৱাৰ পাছত বিজেপি চৰকাৰে মাত্ৰ সাত বছৰতে ৯৬,৩১০ কোটি টকা ঋণ লৈ অভিলেখ গঢ়ি ভাল পোৱা বিজেপিয়ে একপ্ৰকাৰ অভিলেখেই গঢ়িলে। ‘কেগ’ৰ বাৰম্বাৰ সকীয়নিৰ পাছতো গা লৰা নাই হিমন্ত বিশ্ব চৰকাৰৰ।”

“এই বৃহৎ পৰিমাণৰ ঋণৰ ফুটাকড়ি এটাও যোৱা ৭ বছৰত বিজেপি চৰকাৰে আদায় দিয়া নাই। ইয়াৰ বিপৰীতে নতুনকৈ লোৱা ঋণেৰে মাত্ৰ সুদ আদায় দিছে আৰু হিতাধিকাৰীৰ আঁচনিৰ নামত ব্যয় কৰি আছে। ফলত অসমবাসীৰ জনমূৰি ঋণ ৩৭ হাজাৰ টকালৈ বৃদ্ধি পাইছে।”– তেওঁ লগতে কয়।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিত্তীয় অনুশাসন মানি নচলিলে অসমৰ অৰ্থনীতি অতি ভয়াবহ দিশলৈ গতি কৰিব বুলি সাৱধান কৰি দিয়ে আম আদমী পাৰ্টিয়ে।