২১-ত বিধানসভাৰ নিৰ্বাচন নেখেলো, ১ ফেব্ৰুৱাৰিত ৰঞ্জিত দাসলৈ পত্ৰ দিম : হিমন্ত বিশ্ব

মুখ্য মন্ত্ৰী হোৱাৰ আশা লৈ বিজেপিত থকা নাই বুলি স্পষ্টীকৰণ হিমন্ত বিশ্বৰ

Himanta Biswa Sarma

২১ চনত বিধানসভাৰ নিৰ্বাচন নেখেলে বুলি আজি পুনৰ ঘোষণা কৰিছে বিজেপিৰ মন্ত্ৰী হিমন্তই বিশ্বই।

অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়তে সদনৰ মজিয়াত নিজৰ বক্তব্য মাজত প্ৰসংগক্ৰমে ঘোষণাটো কৰে মন্ত্ৰীজনে।

“মইতো ১ ফেব্ৰুৱাৰিত ৰঞ্জিত দাস ডাঙৰীয়াক পত্ৰ দিমেই যে মই নিৰ্বাচন নেখেলো”, তেওঁ বিজেপিত মুখ্য মন্ত্ৰী হোৱাৰ আশা লৈ আছে বুলি বিৰোধীয়ে কৰি অহা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া দি হিমন্তৰ মন্তব্য।

“মোক সুবিধাবাদী আখ্যা দি লাভ নাই”, তেওঁ লগতে কয়।

পূৰ্বেও একাধিকবাৰ মন্ত্ৰীজনে “২১-ৰ পিছত নিৰ্বাচন নেখেলো” বুলি মন্তব্য কৰা হিমন্তই অৱশ্যে “বিজেপিক জিকাইহে ৰাজনীতি এৰিম” বুলিও সংকল্প প্ৰকাশ কৰে।

মন্ত্ৰীজনে আজি বেছ দীঘলীয়া সময় ধৰি সদনত উদাত্ত ভাষণ দিয়ে আৰু CAA-ৰ পৰা আদি কৰি বিভিন্ন বিষয়ক সামৰি লয়।

CAA সন্দৰ্ভত লোকসভাত কংগ্ৰেছৰ স্থিতি সমালোচনা কৰি কয় যে কংগ্ৰেছে বিধেয়কখন ছেকুলাৰ নহয় বাবেহে আপত্তি কৰিছিল আৰু কেতিয়াও অসম চুক্তিৰ উলংঘাৰ প্ৰসংগ উত্থাপনেই কৰা নাছিল।

হিন্দু ধৰ্মক উদাৰ আৰু সকলোকে সামৰি লোৱা ধৰ্ম আখ্যা দিয়ে মন্ত্ৰীজনে।

“হিন্দুসকলে কেতিয়াও মছজিদ, গীৰ্জা ভঙাৰ নজিৰ নাই”, সদনৰ মজিয়াত হিমন্তৰ দাবী।

অৱশ্যে মন্ত্ৰীজনৰ এই মন্তব্যত হস্তক্ষেপ কৰি “বাবৰি মছজিদ কোনে ভাঙিছিল” বুলি উভতি ধৰে দুই এজন বিধায়কে।

উল্লেখ কৰিব পাৰি যে হিন্দু উগ্ৰবাদীৰ দ্বাৰা বাবৰি মছজিদৰ উপৰি গীৰ্জা আদি ধ্বংস কৰাৰ ঘটনা ভাৰতত মাজে মাজে সংঘটিত হৈ আহিছে।

আনহাতে হিন্দুৱে কতিয়াও মন্দিৰ, মছজিদ, সত্ৰৰ মাটি বেদখল কৰা নাই বুলিও মন্ত্ৰীজনে ভাষণত দাবী কৰে। এই প্ৰসংগত তেওঁ গৰাখহনীয়াই নিশ্চিহ্ন কৰা মইনবৰী সত্ৰৰ নাম লৈ আপত্তিৰ সন্মুখীন হোৱাত সেয়া তৎক্ষণাত উঠাই লয়।

মন কৰিব লগীয়া যে মাজুলীত সত্ৰৰ বহু মাটি হিন্দু লোকেই বেদখল কৰি আছে।

অলপতে ৰাজ্যসভাত এজন বিজেপি সাংসদেও মাজুলীত বিদেশীৰে ভৰি আছে বুলি ৰাজসভাৰ মজিয়াত মন্তব্য কৰিছিল।

হিমন্ত বিশ্বই সদনৰ মজিয়াত অসমৰ একাংশ মুছলমান লোকৰ মনোবৃত্তি উদঙাই দিবলৈ জমিয়ত উলেমা হিন্দে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শ কমিটীক দিয়া স্মাৰকপত্ৰৰ একাংশ পঢ়ি দিয়ে।

এই স্মাৰকপত্ৰত আব্দুল মুহিব মজুমদাৰে তেওঁৰ Down The Memory Lane কিতাপখনত লিখা এটা প্ৰবন্ধৰ এটা বিশেষ প্ৰবন্ধৰ কথাখিনি বিবেচনা কৰিবলৈ জমিয়ত উলেমা হিন্দে কমিটীক পৰামৰ্শ দিছে।

মন্ত্ৰীজনে উক্ত গ্ৰন্থখনৰ কিছু উদ্ধৃতি দি কয় যে গ্ৰন্থখনত বৰাক-ব্ৰহ্মপুত্ৰৰ ইতিহাস ক’বলৈ গৈ অভিবাসী মুছলমানসকলহে অসমৰ খিলঞ্জীয়া আৰু তেওঁলোক মূলতঃ দ্ৰাবিড় লোক আছিল বুলি দাবী কৰা হৈছে। আৰু কোৱা হৈছে- তেওঁলোকক মংগোলীয় মূলৰ আগ্ৰাসনকাৰীসকলে বিতাড়ন কৰিছিল। পিছত ব্ৰিটিছে পুনৰ তেওঁলোকক অসমলৈ আনিছিল।

এইবোৰ কথাই এদিন ইতিহাস হ’বগৈ বুলি দাবী কৰি এইবোৰ কথাই তেওঁক বিদ্ৰোহী কৰি তোলে বুলি মন্তব্য হিমন্তৰ।