`বিশ্ব হিন্দু পৰিষদে কংগ্ৰেছ দলক তেওঁলোকৰ নেতৃত্বক শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই নিজৰ পাপ হ্ৰাস কৰাৰ এক সোণালী সুযোগ দিছিল।’ কংগ্ৰেছ দলে শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱলৈ জনোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান কৰাৰ পিছতে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে (এক্স) এই মন্তব্য কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডেলত কয়, “বিশ্ব হিন্দু পৰিষদে কংগ্ৰেছ দলক তেওঁলোকৰ নেতৃত্বক শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই নিজৰ পাপ হ্ৰাস কৰাৰ এক সোণালী সুযোগ দিছিল। যদিও মোৰ বিনম্ৰ দৃষ্টিত আৰম্ভণিৰে পৰা ৰাম মন্দিৰৰ বিৰুদ্ধে তেওঁলোকৰ মতামতৰ বাবে তেওঁলোক প্ৰথমতে এনে আমন্ত্ৰণৰ যোগ্য নাছিল। এই নিমন্ত্ৰণ গ্ৰহণ কৰি তেওঁলোকে প্ৰতীকীভাৱে হিন্দু সমাজৰ ওচৰত ক্ষমা বিচাৰিব পাৰিলেহেঁতেন। অৱশ্যে পণ্ডিত নেহৰুৱে সোমনাথ মন্দিৰৰ সৈতে কৰাৰ দৰে কংগ্ৰেছ নেতৃত্বই ৰাম মন্দিৰৰ ক্ষেত্ৰতো একেই কাম কৰিছিল। ইতিহাসে তেওঁলোকক হিন্দু বিৰোধী দল হিচাপে বিচাৰ কৰি যাব।‘’
উল্লেখ্য যে অহা ২২ জানুৱাৰীত উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। এই অনুষ্ঠানক লৈ তৎপৰ হৈ পৰিছে শাসকীয় বিজেপিৰ লগতে বিজেপিৰ আদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা বিশ্ব হিন্দু পৰিষদ।
লগতে পঢ়কঃ ৰাম মন্দিৰ ‘ৰাজনৈতিক প্ৰকল্প’! অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কংগ্ৰেছৰ
ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলকো আমন্ত্ৰণ কৰা হৈছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও স্বাভাৱিকতেই লাভ কৰিছিল আমন্ত্ৰণ। কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে, তেওঁৰ পূৰ্বৰ মুৰব্বী ছোনিয়া গান্ধী, আৰু দলৰ লোকসভাৰ নেতা অধিৰ ৰঞ্জন চৌধুৰীয়ে এই অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছিল। কিন্তু এই আমন্ত্ৰণ নাকচ কৰিছে দলটোৱে।
বুধবাৰে এক বিবৃতি যোগে কংগ্ৰেছে আমন্ত্ৰণ নাকচ কৰি অযোধ্যাৰ ৰাম মন্দিৰৰ ব্যাপক অভিষেক অনুষ্ঠানটোক বিজেপি আৰু দলটোৰ আদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক ‘ৰাজনৈতিক প্ৰকল্প’ আখ্যা দিয়ে।
The @VHPDigital had given the Congress party a golden opportunity to reduce its sin by extending their leadership an invitation to attend the Shri Ram Mandir Pran Pratishtha Mahotsava.
Although, in my humble view, they did not deserve such an invitation at the first place for… pic.twitter.com/itexgWdx3I
— Himanta Biswa Sarma (@himantabiswa) January 11, 2024
কংগ্ৰেছে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানটোক স্পষ্টভাৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমুকৈ আৰ এছ এছ আৰু বিজেপিৰ এক অনুষ্ঠান বুলি দাবী কৰে। দলটোৱে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হয়ঃ-
“যোৱা মাহত কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাত বিৰোধী দলৰ নেতা শ্ৰী মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ শ্ৰীমতী ছোনিয়া গান্ধী আৰু লোকসভাৰ কংগ্ৰেছ দলৰ নেতা শ্ৰী অধীৰ ৰঞ্জন চৌধুৰীয়ে ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে।
লগতে পঢ়কঃ মণিপুৰ চৰকাৰৰ অনুমতি লাভঃ ১৪ জানুৱাৰীত পূৱ ইম্ফল জিলাৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা
ভগৱান ৰামক আমাৰ দেশত লাখ লাখ লোকে পূজা কৰে। ধৰ্ম ব্যক্তিগত বিষয়। কিন্তু আৰ এছ এছ/বিজেপিয়ে দীৰ্ঘদিন ধৰি অযোধ্যাৰ মন্দিৰক ৰাজনৈতিক প্ৰকল্প হিচাপে ব্যৱহাৰ কৰি আহিছে।বিজেপি আৰু আৰ এছ এছৰ নেতাসকলৰ দ্বাৰা অসম্পূৰ্ণ মন্দিৰৰ উদ্বোধন স্পষ্টভাৱে নিৰ্বাচনী লাভৰ বাবে আগবঢ়োৱা হৈছে। ২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলি ভগৱান ৰামক শ্ৰদ্ধা কৰা লাখ লাখ লোকৰ আৱেগক সন্মান জনাই শ্ৰী মল্লিকাৰ্জুন খৰ্গে, শ্ৰীমতী ছোনিয়া গান্ধী আৰু শ্ৰী অধীৰ ৰঞ্জন চৌধুৰীয়ে স্পষ্টভাৱে আৰ এছ এছ/বিজেপিৰ এই অনুষ্ঠানৰ আমন্ত্ৰণক সন্মানসহকাৰে নাকচ কৰিছে।”