• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাম মন্দিৰ ‘ৰাজনৈতিক প্ৰকল্প’! অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 6:15 pm
Ram Mandir Congress
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২২ জানুৱাৰীত উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। এই অনুষ্ঠানক লৈ তৎপৰ হৈ পৰিছে শাসকীয় বিজেপিৰ লগতে বিজেপিৰ আদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ।

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলকো আমন্ত্ৰণ কৰা হৈছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও স্বাভাৱিকতেই লাভ কৰিছিল আমন্ত্ৰণ।

Apply Now

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে, তেওঁৰ পূৰ্বৰ ছোনিয়া গান্ধী, আৰু দলৰ লোকসভাৰ নেতা অধিৰ ৰঞ্জন চৌধুৰীয়ে এই অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছিল। কিন্তু এই আমন্ত্ৰণ
নাকচ কৰিছে দলটোৱে।

আজি এক বিবৃতি যোগে কংগ্ৰেছে আমন্ত্ৰণ নাকচ কৰি অযোধ্যাৰ ৰাম মন্দিৰৰ ব্যাপক অভিষেক অনুষ্ঠানটোক বিজেপি আৰু দলটোৰ আদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক ‘ৰাজনৈতিক প্ৰকল্প’ আখ্যা দিয়ে।

কংগ্ৰেছে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানটোক স্পষ্টভাৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমুকৈ আৰ এছ এছ আৰু বিজেপিৰ এক অনুষ্ঠান বুলি দাবী কৰে। দলটোৱে প্ৰকাশ কৰা সম্পূৰ্ণ বিবৃতিটোঃ

“যোৱা মাহত কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাত বিৰোধী দলৰ নেতা শ্ৰী মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ শ্ৰীমতী ছোনিয়া গান্ধী আৰু লোকসভাৰ কংগ্ৰেছ দলৰ নেতা শ্ৰী অধীৰ ৰঞ্জন চৌধুৰীয়ে ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে।

ভগৱান ৰামক আমাৰ দেশত লাখ লাখ লোকে পূজা কৰে। ধৰ্ম ব্যক্তিগত বিষয়। কিন্তু আৰ এছ এছ/বিজেপিয়ে দীৰ্ঘদিন ধৰি অযোধ্যাৰ মন্দিৰক ৰাজনৈতিক প্ৰকল্প হিচাপে ব্যৱহাৰ কৰি আহিছে।বিজেপি আৰু আৰ এছ এছৰ নেতাসকলৰ দ্বাৰা অসম্পূৰ্ণ মন্দিৰৰ উদ্বোধন স্পষ্টভাৱে নিৰ্বাচনী লাভৰ বাবে আগবঢ়োৱা হৈছে। ২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলি ভগৱান ৰামক শ্ৰদ্ধা কৰা লাখ লাখ লোকৰ আৱেগক সন্মান জনাই শ্ৰী মল্লিকাৰ্জুন খৰ্গে, শ্ৰীমতী ছোনিয়া গান্ধী আৰু শ্ৰী অধীৰ ৰঞ্জন চৌধুৰীয়ে স্পষ্টভাৱে আৰ এছ এছ/বিজেপিৰ এই অনুষ্ঠানৰ আমন্ত্ৰণক সন্মানসহকাৰে নাকচ কৰিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd