তেজপুৰৰ প্ৰাৰ্থী পল্লৱ লোচনৰ হৈ বিশ্বনাথত হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’

‘এনে অভূতপূৰ্ব জনসমৰ্থন কোনো ৰাজনৈতিক নেতাৰ ভাগ্যত নাহে।‘ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ বিশ্বনাথত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰি হিমন্ত বিশ্বই এই মন্তব্য কৰে।

উল্লেখযোগ্য যে নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিনত ‘দাদা বিগ্ৰেড’ৰ অন্যতম সদস্য পল্লৱ লোচনৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বিশ্বনাথত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বিশ্বনাথৰ আৱৰ্ত ভৱনৰ বাকৰিত হেলিকপ্টাৰ পৰা নামি প্ৰথমে ৰোড শ্ব’ৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাহাজাৰ সমৰ্থকক দেখি উৎফুল্লিত হৈ শৰ্মাই লগতে কয় যে এনে অভূতপূৰ্ব জনসমৰ্থন আন কোনো ৰাজনৈতিক দল বা নেতাৰ ভাগ্যত নাই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সমষ্টিটোৰ প্ৰাৰ্থী পল্লব লোচন দাস, মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।