NORTHEAST NOW (Assamese)

শপত গ্ৰহণৰ পূৰ্বে কামাখ্যা,দৌল গোবিন্দ, শ্ৰীশ্ৰী ঈশ্বৰহাটী সত্ৰত আশিস ল’লে হিমন্ত বিশ্ব শৰ্মাই

May 10, 2021 11:28 am · এন ই নাও নিউজ
কামাখ্যাত উপস্থিতি হোৱাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা। ফটো: ফেচবুক।

ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে আজি পুৱাই শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰহাটী সত্ৰত উপস্থিত হৈ আশীৰ্বাদ লয় হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত। মন্দিৰ দৰ্শন কৰি নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি প্ৰাৰ্থনা জনায় ৷

সকলোৰে দিনবোৰ সুখময়, সমৃদ্ধিময় হোৱাৰ কামনা কৰে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে।

দৌল গোবিন্দ মন্দিৰত নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো: টুইটাৰ।

আনহাতে, নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা পীঠত উপস্থিত হৈ মা কামাখ্যাৰো আশিস গ্ৰহণ কৰে।

শপত গ্ৰহণৰ পূৰ্বে এইদৰে আজি পুৱাই নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ-মন্দিৰত প্ৰাৰ্থনা জনোৱা দেখা গ’ল।

উল্লেখ্য যে আজি ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১২বজাত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব।

শপতগ্ৰহণ অনুষ্ঠানত চুবুৰীয়া ৪খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। শপত গ্ৰহণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাও উপস্থিত থাকিব।

Related News