NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আজি শপত ল’ব ১৪ গৰাকী নতুন কেবিনেট মন্ত্ৰীয়ে; তালিকাত কোন চাওক

May 10, 2021 9:24 am · কল্পজ্যোতি শইকীয়া

আজি কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই ১৪ গৰাকী মন্ত্ৰীয়ে।

ইয়াৰে ভিতৰত কেবিনেটত ইউপিপিএলৰ ইউ জি ব্ৰহ্ম অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই লাভ কৰিব মন্ত্ৰিত্ব। এক সূত্ৰই এই কথা আমাৰ সাংবাদিকক জনাইছে।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এগৰাকী কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। মন্ত্ৰিত্ব লাভ কৰিলেই এৰিব দলৰ সভাপতিৰ পদ। ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

যোৱাবাৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰা পিযুষ হাজৰিকাই কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰী লাভ কৰিব। ন বিজেপি তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগ, টিএমপিকেৰ প্ৰাক্তন নেতা তথা ন-বিজেপি নেতা ডাঃ ৰনোজ পেগুৱেও আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

পূৰ্বৰ চৰকাৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষানে লাভ কৰিব কেবিনেট মন্ত্ৰীৰ মৰ্যদা।

ইপিনে, চন্দ্ৰ মোহন পাটোৱাৰী পুনৰ থাকিব কেবিনেট মন্ত্ৰী হিচাপে।

টিংখাং সমষ্টিৰ বিধায়ক বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত বিমল বৰাই কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁৱো আজি শপত গ্ৰহণ কৰিব।

ইয়াৰোপৰি, পূৰ্বৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পুনৰ কেবিনেট মন্ত্ৰী লাভ কৰিব। সেইদৰে, বিধায়ক অশোক সিংঘালেও কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব বুলি সূত্ৰটোৱে জনায়। কোনে কি মন্ত্ৰী হিচাপে শপত ল’ব সেয়া অৱশ্যে এতিয়াও প্ৰকাশ পোৱা নাই।

Related News