নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ‘ৰুদ্ধদ্বাৰ বৈঠক’ক লৈ সৰব চৰ্চা

Himanta-Biswa-Sarma-with-Neiphiu-Rio-1024x512

নাগালেণ্ডৰ মুখ্য মন্ত্রী নেফিউ ৰিঅ'ৰ সৈতে হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো: টুইটাৰ।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ সৈতে অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘ৰুদ্ধদ্বাৰ বৈঠক’য়ে সন্ত্ৰাস জৰ্জৰিত নাগালেণ্ডত ‘শান্তি মধ্যস্থতাকাৰী’ৰ ভূমিকাত তেওঁৰ ভূমিকাৰ সম্ভাৱনাক লৈ চৰ্চা আৰম্ভ হৈছে।

নৰ্থইষ্ট ডেম’ক্ৰেটিক এলায়েন্স (নেডা)ৰো আহ্বায়ক মন্ত্ৰী শৰ্মাৰ দেওবাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ৰ সৈতে এক ‘ৰুদ্ধদ্বাৰ বৈঠক’ অনুষ্ঠিত হয়।

মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ কোহিমাৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হৈছিল এই ‘ৰুদ্ধদ্বাৰ বৈঠক’।

অৱশ্যে, হিমন্ত বিশ্ব শৰ্মাই এই  ‘ৰুদ্ধদ্বাৰ বৈঠক’ক এক সৌজন্যমূলক সাক্ষাৎ বুলি উল্লেখ কৰি তাত কোনো গুৰুত্বপূৰ্ণ আলোচনা হোৱা নাছিল বুলি দাবী কৰিছে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে ‘ৰুদ্ধদ্বাৰ বৈঠক’ খনৰ বিষয়ে নিশ্চিত কৰিছে যদিও আলোচনাৰ বিষয়বস্তু ৰাজহুৱা কৰা নাই।

নগা ৰাজনৈতিক সমস্যাটোৰ সমাধানৰ বাবে এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাক নতুন দিল্লীয়ে নিয়োগ কৰিছে নেকি?

যিহেতু উত্তৰ পূৰ্বাঞ্চলত সংকটমোচন দক্ষতাৰ বাবে হিমন্ত বিশ্ব শৰ্মা পৰিচিত, সেয়েহে নাগালেণ্ডৰ ৰাজনৈতিক মহলৰ লোকসকলৰ মাজত নগা শান্তি প্ৰক্ৰিয়াত তেওঁ জড়িতৰ সম্ভাৱনাক লৈ চৰ্চা আৰম্ভ হৈছে।

এন এছ চি এন(আই এম)ৰ সৈতে ইয়াৰ মতানৈক্য দূৰ কৰি নগা শান্তি প্ৰক্ৰিয়াৰ এক স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰচেষ্টা চলাই থকাৰ সময়তে  ৰিঅ’ৰ সৈতে মন্ত্ৰী শৰ্মাৰ এই বৈঠক গুৰুত্বপূৰ্ণ বুলি অনুমান কৰা হৈছে।

১৯৯৭চনৰে পৰা এন এছ চি এন(আই এম) এক শান্তিৰ পক্ষত আহিছে আৰু তেওঁলোকৰ ৰাজনৈতিক দাবীসমূহৰ এক স্থায়ী সমাধানৰ বাবে নতুন দিল্লীৰ সৈতে কেইবালানিও আলোচনা অনুষ্ঠিত হৈ গৈছে।

কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই যদিও অলপতে দাবী কৰিছে যে নগা শান্তি চুক্তি চূড়ান্ত পৰ্যায়ত আছে, এন এছ চি এন (আই এম)য়ে এতিয়াও এখন পৃথক পতাকা আৰু সংবিধানৰ বিষয়টোত আঁকোৰগোজ হৈ আছে।

নাগালেণ্ডৰ ৰাজনৈতিক মহলৰ লোকসকলে চৰ্চা চলাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ দেওবাৰৰ নাগালেণ্ড ভ্ৰমণ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পদক্ষেপৰে এক অংশ আছিল।

সূত্ৰসমূহে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ডিচেম্বৰৰ ভিতৰতে নগা সমস্যাটো সমাধান কৰিব বিচাৰিছে আৰু ইয়াক নাগালেণ্ডৰ জনসসাধাৰণক এক ‘খ্ৰীষ্টমাছৰ উপহাৰ’ হিচাপে দেখুৱাব বিচাৰিছে।

ৰিঅ’ আৰু নাগালেণ্ডৰ বিৰোধী দলৰ নেতা টি আৰ জেলিয়াঙে যোৱা ২০ অক্টোবৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে নগা ৰাজনৈতিক সমস্যাক লৈ আলোচনাত বহিছিল।

এন এছ চি এন(আই এম) আৰু নাগা নেশ্যনেল পলিটিকেল গ্ৰুপছ (এনএনপিজি)ৰ কাৰ্যবাহী কমিটিয়ে দশকজোৰা নাগা সমস্যাৰ সমাধানৰ বাবে সুকীয়া নীতি অৱলম্বন কৰি আহিছে।