NORTHEAST NOW (Assamese)

অত্যন্ত সংকটজনক অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী, কি ক’লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বই

November 23, 2020 12:18 pm · কল্পজ্যোতি শইকীয়া
Updated: November 23, 2020 12:54 pm

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সময় যোৱাৰ লগে লগে ক্ৰমাৎ অধিক সংকটজনক হৈ পৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ আজি পুৱা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তৰুণ গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে।

তেওঁৰ সকলো অংগই কাম কৰা এক প্ৰকাৰ বন্ধ কৰি দিছে বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী এতিয়া সম্পূৰ্ণ লাইফ ছাপ’ৰ্টত আছে।

এতিয়া কেৱল মেচিন , লাইফ চাপোৰ্ট আৰু পেজ মেকাৰৰ বলত চকু, হাৰ্ট আৰু ব্ৰেইনে কাম কৰি আছে গগৈৰ।

চিকিৎসকসকলে তেওঁলোকৰ কাম সূচাৰু ৰূপে কৰি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে এতিয়া আৰু চিকিৎসকৰ হাতত একো নাই।

কেৱল ভগৱানৰ আশীৰ্বাদ আৰু ৰাইজৰ প্ৰাৰ্থনাইহে তেওঁক বচাব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

তৰুণ গগৈৰ অক্সিজেনৰ লেভেল ৮০ শতাংশ হোৱা  বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, গগৈৰ দেহত বৃদ্ধি পাইছিল পটেছিয়াম। গতিকে কালি বিয়লি প্ৰায় ৩:৩০ বজাৰ পৰা তেওঁৰ দেহৰ পৰা পটাছিয়াম বাহিৰ কৰিবৰ বাবে ৬ ঘণ্টাৰ বাবে দিয়া হৈছিল ডায়লেচিছ।

ইতিমধ্যে, কালিয়ে জিএমচিএইছত পিতৃৰ কাষত উপস্থিত হৈছে পুত্ৰ গৌৰৱ গগৈ, জিয়ৰী চন্দ্ৰিমা গগৈ আৰু বোৱাৰী এলিজাবেথ কলবাৰ্ণ আহি উপস্থিত হৈছেহি।

ইপিনে, জিএমছিএইছৰ চৌহদত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনা কৰি সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে ৰাজ্যৰ চৌদিশে চাকি-বন্তি জ্বলাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ হৈ সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

উল্লেখযোগ্য যে, কালি ৰাতিপুৱা অলপ সময়ৰ বাবে চকু মেলিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

উল্লেখযোগ্য যে, শনিবাৰে non invensive ভেন্টিলেশ্যন ৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটা বাবে মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেশ্যনত উশাহ-নিশাহ লোৱাত সহায় কৰি থকা হৈছে গগৈৰ।

শনিবাৰে আবেলিৰ পৰা গগৈৰ স্বাস্থ্য অলপ শোচনীয়ৰ ফালে গতি কৰিছিল। গগৈৰ কিডনী, হৃদপিণ্ড, লিভাৰৰ সাধাৰণ অৱস্থা বা ক্ৰিয়া প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে কমি গৈছিল।

কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ থকাৰ পিছতো কিডনী হাৰ্টৰ কামবোৰ ঘূৰি আহিবৰ বাবে যিখিনি ঔষধ সেয়া সমান্তৰালকৈ যোগান ধৰি থকা হৈছে।

কিন্তু অতি সংকটজনক অৱস্থাত তৰুণ গগৈৰ স্বাস্থ্য।

Related News