• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অত্যন্ত সংকটজনক অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী, কি ক’লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বই

‘চিকিৎসকৰ হাতত নাই, ঈশ্বৰৰ আশীৰ্বাদ আৰু ৰাইজৰ প্ৰাৰ্থনাইহে বচাব পাৰে তেওঁক’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 23, 2020 12:54 pm

2 min read

a new himanta
304
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সময় যোৱাৰ লগে লগে ক্ৰমাৎ অধিক সংকটজনক হৈ পৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ আজি পুৱা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তৰুণ গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে।

তেওঁৰ সকলো অংগই কাম কৰা এক প্ৰকাৰ বন্ধ কৰি দিছে বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী এতিয়া সম্পূৰ্ণ লাইফ ছাপ’ৰ্টত আছে।

এতিয়া কেৱল মেচিন , লাইফ চাপোৰ্ট আৰু পেজ মেকাৰৰ বলত চকু, হাৰ্ট আৰু ব্ৰেইনে কাম কৰি আছে গগৈৰ।

চিকিৎসকসকলে তেওঁলোকৰ কাম সূচাৰু ৰূপে কৰি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে এতিয়া আৰু চিকিৎসকৰ হাতত একো নাই।

কেৱল ভগৱানৰ আশীৰ্বাদ আৰু ৰাইজৰ প্ৰাৰ্থনাইহে তেওঁক বচাব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

তৰুণ গগৈৰ অক্সিজেনৰ লেভেল ৮০ শতাংশ হোৱা  বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, গগৈৰ দেহত বৃদ্ধি পাইছিল পটেছিয়াম। গতিকে কালি বিয়লি প্ৰায় ৩:৩০ বজাৰ পৰা তেওঁৰ দেহৰ পৰা পটাছিয়াম বাহিৰ কৰিবৰ বাবে ৬ ঘণ্টাৰ বাবে দিয়া হৈছিল ডায়লেচিছ।

ইতিমধ্যে, কালিয়ে জিএমচিএইছত পিতৃৰ কাষত উপস্থিত হৈছে পুত্ৰ গৌৰৱ গগৈ, জিয়ৰী চন্দ্ৰিমা গগৈ আৰু বোৱাৰী এলিজাবেথ কলবাৰ্ণ আহি উপস্থিত হৈছেহি।

ইপিনে, জিএমছিএইছৰ চৌহদত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনা কৰি সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে ৰাজ্যৰ চৌদিশে চাকি-বন্তি জ্বলাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ হৈ সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

উল্লেখযোগ্য যে, কালি ৰাতিপুৱা অলপ সময়ৰ বাবে চকু মেলিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

উল্লেখযোগ্য যে, শনিবাৰে non invensive ভেন্টিলেশ্যন ৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটা বাবে মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেশ্যনত উশাহ-নিশাহ লোৱাত সহায় কৰি থকা হৈছে গগৈৰ।

শনিবাৰে আবেলিৰ পৰা গগৈৰ স্বাস্থ্য অলপ শোচনীয়ৰ ফালে গতি কৰিছিল। গগৈৰ কিডনী, হৃদপিণ্ড, লিভাৰৰ সাধাৰণ অৱস্থা বা ক্ৰিয়া প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে কমি গৈছিল।

কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ থকাৰ পিছতো কিডনী হাৰ্টৰ কামবোৰ ঘূৰি আহিবৰ বাবে যিখিনি ঔষধ সেয়া সমান্তৰালকৈ যোগান ধৰি থকা হৈছে।

কিন্তু অতি সংকটজনক অৱস্থাত তৰুণ গগৈৰ স্বাস্থ্য।

Recent News

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd