দুৰ্নীতিৰ শিপাসহ হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰলৈ দলিয়াব কংগ্ৰেছে : ভূপেন বৰা
ভাৰতীয় সংবিধান সলনি কৰাৰ চক্রান্ত ৰোধ কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে আজিৰে পৰা এবছৰলৈকে ৰাইজক সজাগ কৰিবলৈ অভিযান চলাব। বিজেপিয়ে ভাৰতীয় সংবিধানৰ পৰিৱৰ্তে পুনৰ মনুস্মৃতি দেশত প্রচলন কৰিব খোজে। ইয়াৰ বিৰুদ্ধে সমগ্র দেশত জাগৰণ সৃষ্টি কৰা হ‘ব। কংগ্ৰেছ নেতা চিডব্লিউচিৰ সদস্য তথা অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু বিভাগৰ কংগ্ৰেছৰ কেন্দ্ৰীয় অধ্যক্ষ কে ৰাজুৱে আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এক সংবাদমেলত এইদৰে কয়।
কংগ্ৰেছ নেতাজনে কয় যে দেশৰ সংবিধান সলনি কৰিবলৈ আৰএছএছ আৰু বিজেপিয়ে দীর্ঘদিনৰ পৰা প্ৰচেষ্টা চলাই আছিল আৰু সংবিধান গ্রহণ কৰা দিনটোত ১৯৫০ চনৰ ২৬ জানুৱাৰীত আৰএছএছে সংবিধানৰ প্ৰতিলিপি দাহ কৰিছিল। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে সংবিধানক নস্যাৎ কৰিবৰ বাবে চলোৱা অপচেষ্টা দেশৰ জনগণে এইবাৰ ধূলিস্যাৎ কৰিছে। বিজেপি আৰু আৰএছএছৰ সংবিধান বদলিৰ এই দীর্ঘদিনীয়া অভিযান নোহোৱা কৰিবৰ বাবে কংগ্ৰেছে আজিৰে পৰা এবছৰলৈকে ৰাইজৰ ওচৰলৈ সংবিধান সুৰক্ষাৰ বাণী লৈ যাব।
কংগ্রেছ নেতাজনে এই বক্তব্যৰে সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে শংকৰদেৱ কলাক্ষেত্রত আয়োজিত অনুসূচিত বিভাগৰ এক বিশাল প্রতিনিধিমূলক সভাত বাবা ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰস্তুত কৰি বিশ্বৰ ভিতৰতে ভাৰতক এখন সকলো শ্ৰেণীৰ নাগৰিকৰ সমঅধিকাৰ থকা দেশলৈ পৰিৱৰ্তন কৰিছিল। ১৯২৭ চনতে ভীমৰাও আম্বেদকাৰে মনুস্মৃতি দাহ কৰি ইয়াৰ প্ৰতিবাদ কৰিছিল। তেতিয়াৰে পৰা দেশৰ ব্ৰাহ্মণ্যবাদী চেতনাত আঘাত হনাৰ বাবে সকলো শ্ৰেণীৰ নাগৰিকৰ সমবিকাশ আৰু সম ন্যায়ৰ সংগ্ৰাম চলোৱা ভীমৰাও আম্বেদকাৰৰ বিৰোধিতা কৰি আহিছে আৰএছএছে। কংগ্ৰেছে ভীমৰাও আম্বেদকাৰৰ সংগ্ৰামক সন্মান কৰি তেখেতৰ নেতৃত্বত দেশৰ বাবে সমন্যায় আৰু সমবিকাশৰ ভাৰতীয় সংবিধান গ্রহণ কৰে। এই সংবিধান থকালৈকে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত বুলি কংগ্ৰেছ নেতা কে ৰাজুৱে উল্লেখ কৰে। তেখেতে অ‘বিচি অর্থাৎ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ সুৰক্ষাৰ বাবে মণ্ডল আয়োগৰ পূৰ্বে কি কি পদক্ষেপ গ্রহণ কৰিছিল সেই কথা বিস্তৃতভাৱে উল্লেখ কৰে।
পিছপৰা শ্ৰেণীৰ লোকসকলৰ অর্থনৈতিক বিকাশ আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে দেশৰ নেতা ৰাহুল গান্ধীয়ে সদনৰ বাহিৰে-ভিতৰে যুঁজ অব্যাহত ৰাখিছে। তাৰে অংশ হিচাপে সংবিধান সুৰক্ষা কৰাতো ভাৰতীয় নাগৰিকৰ এতিয়া দায়িত্ব হৈ পৰিছে। সংবাদমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক মনোজ চৌহানে আৰএছএছ প্রধান মোহন ভাগৱত তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰাম মন্দিৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰাহে দেশে স্বাধীনতা লাভ কৰা বুলি কোৱা কাৰ্যক ভর্ৎসনা কৰে আৰু মোহন ভাগৱতৰ এই নিকৃষ্ট মন্তব্য ভাৰতীয় সংবিধানৰ প্ৰতি চূড়ান্ত অপমান বুলি উল্লেখ কৰে।
মোহন ভাগৱতৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰি সংবিধান আৰু সাংবিধানিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধেহে অসমত গোচৰ ৰুজু কৰাত চৌহানে আশ্চর্য প্রকাশ কৰে। সংবাদমেলত অসমৰ অনুসূচিত জাতি কংগ্ৰেছৰ ৰাজ্যিক অধ্যক্ষ তৃষ্ণা দাসেও সংবিধান সুৰক্ষাৰ অভিযানৰ তাৎপর্য ব্যাখ্যা কৰে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক নন্দিতা দাস, সম্পাদক ৰামান্না বৰুৱা আৰু মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত থাকে।
সংবিধান ৰক্ষা অনুষ্ঠানত অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই উদাত্ত ভাষণেৰে দেশৰ আটাইতকৈ দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু বিজেপি চৰকাৰৰ অত্যাচাৰী মন্ত্ৰী-বিধায়কসকলৰ দুৰ্নীতিৰ শিপা উঘালি ২০২৬ত ব্রহ্মপুত্রত দলিয়াই দিব বুলি উল্লেখ কৰে।
বৰাই কয় যে অসমৰ নমস্যা গুৰু আৰু দার্শনিকসকলৰ ধ্যান-ধাৰণাক এতিয়া বিজেপিয়ে নস্যাৎ কৰি দীনদয়াল উপাধ্যায় আৰু শ্যামাপ্রসাদ মুখার্জীৰ নীতি-আদর্শ জাপি দিব খুজিছে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সাৰ্বজনীন অসমীয়াত্বৰ ধ্যান-ধাৰণা বিজেপিয়ে সংকীর্ণ কৰি মানুহৰ মাজত সাম্প্রদায়িক বিষবাষ্প বিয়পাই দিছে। এই বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰাই সংবিধান সুৰক্ষিত কৰাৰ লগতে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সন্মান, সমবিকাশ আৰু সামাজিক ন্যায় পুনৰ উদ্ধাৰ কৰিবৰ বাবে কংগ্ৰেছে সংকল্প গ্রহণ কৰা বুলি তেওঁ উল্লেখ কৰে। সভাত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহান, অতুল চন্দ্র বুঢ়াগোহাঁইয়ে ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰক লৈ বক্তব্য প্রদান কৰে। সভাত ভাৰতীয় সংবিধানৰ সংশোধিত প্রতিলিপি সভাত বিতৰণ কৰা হয়। সভাত জ্যেষ্ঠ কংগ্রেছ নেতা বলীন কুলী, ৰিপুণ বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু নুৰুল হুদাকে ধৰি বহুসংখ্যক লোকে অংশগ্রহণ কৰে।