NORTHEAST NOW (Assamese)

বিশ্বনাথত হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত নিহত দুই বাইক আৰোহী, আহত এজন

August 15, 2019 9:50 pm · এন ই নাও নিউজ
Updated: August 16, 2019 7:02 am
ফটো : নৰ্থ-ইষ্ট নাও

বিশ্বনাথৰ বাঘমাৰিত বৃহস্পতিবাৰে সন্ধিয়া ৮.৩০ বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত দুজন বাইক আৰোহী থিতাতে নিহত হৈছে।

বাতৰি মতে, নিহত দুজন হৈছে বিপুল মাঝি আৰু সুচেন জগদুলা। ঘটনাটোত শচীন গোৱালা নামৰ এজনো আহত হৈছে।

আহত লোকজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। বাতৰি মতে, ঘটনাস্থলীত মন্ত্ৰীজন নোৰোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ লোক।

উত্তৰ লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি উভতি আহিছিল মন্ত্ৰী শৰ্মা

হিমন্ত বিশ্ব শর্মাৰ লগত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসো আছিল বুলি বাতৰিত প্ৰকাশ।

Related News