বোকাখাতত অতুল বৰাক উদ্ধাৰ কৰিবলৈ গৈ হিমন্তই বোৱালে প্ৰতিশ্ৰুতিৰ বন্যা!

Assam_BJP_MLA1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালৰ পিচত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা অতুল বৰাক উদ্ধাৰ কৰিবলৈ বোকাখাত সমষ্টিলৈ আহে নেডাৰ উপদেষ্টা হিমন্ত বিশ্ব শৰ্মা ৷

বোকাখাতৰ বৰজুৰি খেল পথাৰত অনুষ্ঠিত হোৱা বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী তথা অসম গন পৰিষদ দলৰ সভাপতি অতুল বৰাৰ এক নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচনী সভাৰ মঞ্চত উঠিয়েই দিয়া ভাষণত হিমন্ত বিশ্ব শৰ্মাই সমবেত ৰাইজৰ উদ্দেশি এলানি আঁচনিৰ প্ৰতিশ্ৰুতি দিয়ে ৷

নিৰ্বাচনী মঞ্চত হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মতে অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগেই বোকাখাত সমষ্টিৰ প্ৰতি গৰাকী দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মহিলাক অৰুনোদয় আঁচনি প্ৰদান কৰা হ’ব ৷ ৮৩০ টকাৰ অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহত ৩০০০ টকা কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ৷ মাইক্ৰ ফাইনেঞ্চৰ অনাদায় লোন চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰাৰ উপৰিও মহিলা গোট বোৰক তিনি লাখকৈ সাহাৰ্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ৷ ২০২২ চনৰ ৩১ মাৰ্চৰ আগতে এক লাখ নিৱনুৱা যুৱকক চাকৰি দিব বুলিও ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

যি সকল যুৱক যুৱতীয়ে চাকৰি নাপাব তেওঁ লোককো বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰে শ্ৰয়ম আঁচনিৰ বছৰি ১০ লাখ যুৱক যুৱতীক ২ লাখ টকাৰৈ প্ৰদান কৰিব বুলিও তেওঁ ঘোষণা কৰে ৷ বাগিছাৰ শ্ৰমিকৰ মজুৰীৰ প্ৰসংগ উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় আমি মজুৰী বৃদ্ধি কৰিছো ৷ এতিয়া মজুৰী হ’ল ২১৮ টকা ৷

এই মজুৰী কিছুমান মালিকে দিব খোজা নাই ৷ চিধা আঙুলিৰে ঘিউ নাহিলে আমি বেকা আঙুলিৰে উলিয়াই দিম আৰু ৷ ভালে ভালে ২১৮ টকা নিদিলে মালিক পক্ষই কিন্তু পৰৱৰ্তী সময়ত ৩৫০ টকাকৈ মজুৰী প্ৰদান কৰিব লাগিব মই আজিয়েই কৈ থলো বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ সম্প্ৰতি ঘোষণা কৰা শ্ৰমিকৰ মজুৰী ২১৮ টকাৰ লগত চৰকাৰেও অলপ সংযোজন কৰিব বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই এই ২১৮ টকাৰ লগত প্ৰতিজন শ্ৰমিকৰ বেঙ্ক একাউন্টত আগতে বছৰি ৩০০০ টকা দিয়াৰ পৰিৱৰ্তে এতিয়া মাহে ১০০০ টকাকৈ বছৰত ১২,০০০ টকা প্ৰদান কৰিব বুলিও ঘোষণা কৰে ৷

ইয়াৰ লগতে কংগ্ৰেছৰ গেৰাণ্টিক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই টিভিত বিক্ৰী নোহোৱা সামগ্ৰীৰহে গেৰান্টি দিয়ে যাতে মানুহে কিনে , ঠিক তেনেদৰে কংগ্ৰেছ দলৰ কোনো গেৰান্টি নাই ৷

এই লানি ঘোষণাৰে তেওঁ অতুল বৰাক ভোট দি জয় যুক্ত কৰিবৰ বাবে বোকাখাত বাসীক আহ্বান জনায় ৷ অনুষ্ঠানত মিত্ৰ জোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ লগতে বিজেপি , এজিপি আৰু গনশক্তি দলৰ বিভিন্ন কৰ্মকৰ্তা উপস্থিত থাকে ৷