NORTHEAST NOW (Assamese)

কা’ক লৈ মুকলি বিতৰ্কত ভাগ ল’বলৈ সমুজ্জ্বল ভট্টাচাৰ্যক মুকলি প্ৰত্যাহ্বান হিমন্তৰ

December 27, 2019 8:43 am · এন ই নাও নিউজ
Updated: December 27, 2019 9:38 am

সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে চলি থকা প্ৰতিবাদত সাধাৰণ জনতাৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণে নিদ্ৰা হৰণ কৰিছে চৰকাৰৰ।

বিজেপি চৰকাৰে অসমৰ ৰাইজক চৰম প্ৰতাৰণা কৰি এই আইনখন জাপি দিয়াক লৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, জুবিন গাৰ্গকে ধৰি বিভিন্নজনে প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

চৰকাৰৰ বিৰুদ্ধে এই নেতাসকল সৰৱ হৈ পৰাৰ সময়তে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত মুকলি তৰ্ক কৰিবলৈ প্ৰত্যাহ্বান জনাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক।

টুইটাৰৰ জৰিয়তে প্ৰত্যাহ্বান জনোৱা হিমন্তই কয়, ‘আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ সৈতে মুকলি বিতৰ্কত ভাগ লওক’।

২৬ ডিচেম্বৰৰ অৰ্থাৎ বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰত্যাহ্বান জনোৱাৰ পিছতেই উপদেষ্টাগৰাকীৰ বিপৰীতে একাংশ ছাত্ৰ সন্থাৰ আঞ্চলিক সদস্য তথা নেতা-কৰ্মীয়ে ছ’চিয়েল মিডিয়াযোগে মন্ত্ৰীগৰাকীক উভতি ধৰা পৰিলক্ষিত হৈছে।

ফেইচবুকত এজন ছাত্ৰ সন্থাৰ সদস্যই লিখিছে ‘আছুৰ যিকোনো শাখা এটাৰ সভাপতি-সম্পাদকক মাতক, যাবলৈ সাজু- আপুনি স্থান কাল ঠিক কৰক। আগতেও কৈছিলো আজিও ক’লো’।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা এই ব্যাপক প্ৰতিবাদী আন্দোলনক একপ্ৰকাৰ তুচ্চ-তাচ্ছিল্য কৰাৰ উদ্দেশ্যেই মন্ত্ৰী হিমন্তই এনেধৰণৰ মন্তব্য প্ৰদান কৰা বুলি বিভিন্নজনে উল্লেখ কৰিছে।

Related News