NORTHEAST NOW (Assamese)

হিমা বাহিনী হীটছতে “স্তব্ধ” হ’ল জাপানৰ বিশ্ব ৰিলে’ প্ৰতিযোগিতাত

May 11, 2019 8:18 pm · এন ই নাও নিউজ

আজিৰ পৰা জাপানৰ য়োকোহামাত অনুষ্ঠিত বিশ্ব ৰিলে’ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা হিমাৰ দলটোৱে হীটছৰ পৰাই বিদায় লৈছে।

ভাৰতীয় মহিলা দলটো পঞ্চম স্থানত ৰয়, য’ত প্ৰথমৰ দুটা দলকহে পৰৱৰ্তী ৰাউণ্ডৰ বাবে ৰখা হয়।

একেই দশা হয় হীটছত ষষ্ঠ তথা অন্তিম স্থানত ৰোৱা পুৰুষৰ দলটোৰো।

হীটছৰ পৰাই বিদায় লোৱা মহিলাৰ দলটোৱে অৱশ্যে এই বছৰৰ শ্ৰেষ্ঠ সময় (৩:৩১:৯৩) প্ৰদৰ্শন কৰে। চাৰিজনীয়া দলটোত অসমৰ হিমা দাসৰ সতীৰ্থ আছিল সৰিতা গাইকোৱাড়, পুভম্মা ৰাজু আৰু ভি কে বিছমায়া।

বিছমায়াই ৫২:৩৩, হিমাই ৫২:৬০, সৰিতা গাইকোৱাড়ে ৫৩:৪০ আৰু পুভম্মা ৰাজুৱে ৫৩:৬০ ছেকেণ্ডকৈ সময় লয়।

উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত হিমাই প্ৰতিযোগিতাখনত তেওঁৰ অংশগ্ৰহণ নিশ্চিত কৰি টুইটাৰত এটা ভিডিঅ’ পোষ্টত কৈছিল।

“মই বিশ্ব ৰিলে’ৰ বাবে সাজু, …গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক… সকলোলৈ মৰমেৰে… ”, ভিডিঅ’ত এই আত্মবিশ্বাস প্ৰকাশ কৰিছিল “ধিং এক্সপ্ৰে’ছ” হিমাই।

উল্লেখ কৰিব পাৰি যে মাত্ৰ এদিন পূৰ্বে স্পণ্ডিলাইটিছৰ বাবে বিশ্ব ৰিলে’ দৌৰ প্ৰতিযোগিতাখনত “স্বৰ্ণকন্যা” হিমা দাস আঁতৰি থাকিব বুলি বাতৰি ওলাইছিল।

Related News