NORTHEAST NOW (Assamese)

“লাভ জিহাদ”: প্ৰতিবাদত উত্তাল শিলাদিত্য দেবৰ গৃহ চহৰ

November 18, 2019 4:37 pm · নিখিল মুন্দ্ৰা
Updated: November 18, 2019 4:42 pm
সোমবাৰে হোজাই থানাৰ সন্মুখত প্ৰতিবাদ। ছবি- নৰ্থইষ্ট নাও।

হিন্দু জাগৰণ মঞ্চই “লাভ জিহাদ”ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে সোমবাৰে উত্তাল কৰি তোলে বিজেপি বিধায়ক শিলাদিত্য দেবৰ গৃহ চহৰ হোজাইৰ সদৰ থানা।

নাবালিকা পলুৱাই নিয়া শেহতীয়া ঘটনা এটাক “লাভ জিহাদ”ৰূপে অভিহিত কৰি সংগঠনটোৰ কেইবাশও সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে আৰু আৰক্ষীৰ তৎকালীন হস্তক্ষেপ দাবী কৰিছে।

মঞ্চৰ অভিযোগ, যোৱা ১৪ নৱেম্বৰত এজন মুছলমান যুৱকে নিজকে হিন্দু নামেৰে পৰিচয় দি জিলাখনৰ পূৰ্ব কান্দুলীমাৰিৰ হিন্দু কন্যা এগৰাকীক পলুৱাই নিছে। আৰু বৰ্তমানলৈকে পলাতক হৈ আছে।

নাবালিকাগৰাকীৰ দেউতাকে স্থানীয় যোগীজান আৰক্ষী চকীত ঘটনাৰ দিনাই এজাহাৰ দিয়া সত্ত্বেও, সংগঠনটোৰ মতে, আৰক্ষীয়ে গা এৰা দিছে।

মঞ্চই ৪৮ ঘণ্টাৰ ভিতৰত আৰক্ষীক “দুৰ্বৃত্ত” যুৱকজনক কৰায়ত্ত কৰাৰ দাবী তুলিছে আৰু অন্যথা “ৰাজ্যজোৰা বৃহৎ প্ৰতিবাদ”ৰ সকীয়নি দিছে।

“৪৮ ঘণ্টাৰ ভিতৰত ছোৱালীজনী উদ্ধাৰ কৰিব লাগে আৰু দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগে। আৰক্ষীৰ গা এৰা দিয়া মনোবৃত্তিয়ে আমাক প্ৰতিবাদ কৰিবলৈ বাধ্য কৰিছে,” নৰ্থইষ্ট নাওক জনায় প্ৰতিবাদত উপস্থিত বিশ্ব হিন্দু পৰিষদৰ জিলা সম্পাদক অশোক কেজৰিৱালে।

সংগঠনটোৱে এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু চক্ৰ বিষয়াক স্মাৰক পত্ৰ দাখিল কৰিছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰবৰ্তীয়ে প্ৰতিবাদকাৰীক তৎকালে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

“আৰক্ষীয়ে নিজৰ কাম কৰি আছে। দুটাকৈ আৰক্ষীৰ গোটে ঘটনাটোৰ তদন্ত কৰি আছে। সোনকালেই ছোৱালীজনীক উদ্ধাৰ কৰা হ’ব আৰু দুৰ্বৃত্তক আটক কৰা হ’ব,” চক্ৰবৰ্তীয়ে কয়।

অভিযুক্ত যুৱকজনৰ নাম ফাইজুল হক, ঘৰ হোজাইৰ আহমেদ নগৰ। অভিযোগ, “ৰঞ্জিত দাস” নামেৰে নিজৰ ভুৱা পৰিচয় দি নাবালিকাজনীক পলুৱাই নিছে।

Related News