• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাৰ মন্দিৰত পুনৰ খলিস্তানীৰ তাণ্ডৱ; ভাৰত বিৰোধী শ্লোগান, মোডীক ভাবুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2023 10:26 am
813
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত পুনৰ খালিস্তান পন্থীৰ তাণ্ডৱ। শিখ বিচ্ছিন্নতাবাদী সংগঠনে পুনৰ লক্ষ্য কৰি লৈছে হিন্দু মন্দিৰ। খালিস্তানীসকলে কেলিফৰ্ণিয়াৰ এটা মন্দিৰৰ দেৱালত লিখিলে ভাৰত বিৰোধী শ্লোগান। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো ভাবুকি দিয়া হৈছে।

হিন্দু আমেৰিকান ফাউণ্ডেচনে ইয়াৰ এক্স হেণ্ডেলত মন্দিৰৰ আক্ৰমণৰ সন্দৰ্ভত অৱগত কৰিছে। তেওঁলোকে কয়, কেলিফৰ্ণিয়াৰ নেৱাৰ্কৰ স্বামীনাৰায়ণ মন্দিৰৰ দেৱালত খালিস্তানীসকলে ভাৰত বিৰোধী শ্লোগান লিখিছে। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো ভাবুকি দিয়া হৈছে।

নেৱাৰ্ক আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ খবৰ আমেৰিকাৰ ন্যায় বিভাগৰ নাগৰিক অধিকাৰ বিভাগকো দিয়া হৈছে। অৱশ্যে আমেৰিকাত এইটোৱে এনে প্ৰথম ঘটনা নহয়। ইয়াৰ আগতেও হিন্দুসকলৰ উপাসনাস্থলী খালিস্তানীসকলৰ ৰোষত পৰিছে।

লগতে পঢ়কঃ ৩০৩ জন ভাৰতীয়ক লৈ ফ্ৰান্সত অৱতৰণ বিমান, ঘেৰি ধৰিলে আৰক্ষীয়ে; গ্ৰেপ্তাৰ ২ জন, চলিছে তদন্ত

উল্লেখ্য যে খালিস্তানীয়ে সমগ্ৰ বিশ্বতে ভাৰত বিৰোধী কাম-কাজ চলাই আছে। বিগত সময়ত অষ্ট্ৰেলিয়াৰ লণ্ডনত থকা হিন্দু মন্দিৰত খালিস্তানীয়ে আক্ৰমণ চলাইছিল। মেলবৰ্ণ আৰু ছিডনীৰ কেইবাটাও হিন্দু মন্দিৰত সংঘটিত হোৱা আক্ৰমণক লৈ দিল্লীয়ে বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে।

বিশেষকৈ কানাডাত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ পিছৰে পৰা বিচ্ছিন্নতাবাদীসকলে প্ৰতিশোধৰ ভাবুকি দি আহিছে।

প্ৰসংগক্ৰমে, ভাৰত বিভাজনৰ সময়ত শিখ সম্প্ৰদায়ৰ এটা অংশই পৃথক খালিস্তান ৰাষ্ট্ৰৰ দাবী কৰিছিল। সাৰ্বভৌম ৰাষ্ট্ৰৰ দাবীত আন্দোলন চলিছিল। তেতিয়াৰ চৰকাৰে শিখৰ দাবী মানি লোৱা নাছিল। কিন্তু তাৰ পাছতেই আন্দোলনটো জাৰ্নেল ভিন্দ্ৰওৱালেৰ নেতৃত্বত সংগঠিত হয়।

লগতে পঢ়কঃ কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিলেই পঠাব লাগিব জিন’ম ছিকুৱেন্সিঙৰ বাবে; ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ

১৯৮৪ চনৰ ১ জুনৰ পৰা ১০ জুনলৈ ভাৰতীয় সেনাই ভিন্দ্ৰওৱালে আৰু তেওঁৰ সহযোগীসকলক নিঃশেষ কৰিবলৈ স্বৰ্ণ মন্দিৰত অভিযান চলায়। ভিন্দ্ৰওৱালেৰ মৃত্যু হয়। সেই অপাৰেচনৰ নাম আছিল অপাৰেচন ব্লু ষ্টাৰ।

Recent News

আমলখিৰ উপকাৰিতা জানো আহক

আমলখিৰ উপকাৰিতা জানো আহক

চকুৰ যত্ন ল’ব কেনেকৈ? জানো আহক চকুৰ স্বাস্থ্য সম্পৰ্কে কিছু কথা

চকুৰ যত্ন ল’ব কেনেকৈ? জানো আহক চকুৰ স্বাস্থ্য সম্পৰ্কে কিছু কথা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd