আদালতৰ ঐতিহাসিক ৰায় : স্বামীৰ সকলো সম্পত্তিৰে ভাগ পাব হিন্দু বিধৱাই

high-court-2-1545807973809-1566489765847

এতিয়াৰ পৰা হিন্দু বিধৱা মহিলাই স্বামীৰ সকলো সম্পত্তিৰ ভাগ লাভ কৰিব বাংলাদেশত। বুধবাৰে এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে বাংলাদেশৰ উচ্চ ন্যায়ালয়ে।

এই ঐতিহাসিক ৰায়ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশখনত ৮৩ বছৰৰ পিছত স্বামীৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিছে হিন্দু পৰিয়ালৰ বিধৱাই।

ৰায়টোৰ অনুসৰি স্বামীৰ অন্যান্য সম্পত্তিৰ অধিকাৰৰ লগতে হিন্দু বিধৱা মহিলাই স্বামীৰ কৃষি ভূমিৰো অংশীদাৰ হোৱাৰ অধিকাৰ লাভ কৰিছে।

উল্লেখ্য যে, বাংলাদেশত হিন্দু উত্তৰাধিকাৰ আইন অনুযায়ী মৃত ব্যক্তিৰ শ্ৰাদ্ধত যিগৰাকী লোকে পিণ্ড দান কৰে একমাত্ৰ তেওঁহে উক্ত মৃত ব্যক্তিজনৰ সম্পত্তিৰ অধিকাৰ লাভ কৰি আহিছে।

আনহাতে হিন্দুসকলৰ কন্যা সন্তানক সম্পত্তি বণ্টন দিয়া বিষয়টো দেশখনৰ হিন্দু আইনৰ আটাইতকৈ কঠোৰ বিষয়ৰূপে বিবেচিত হৈ আহিছে। ১৯৩৭ চনত প্ৰস্তুত কৰা হিন্দু আইন অনুসৰি কন্যা সন্তানক পিতৃৰ সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল।

মৃত ব্যক্তিৰ সন্তান থাকিলে সেই সম্পত্তিৰ স্বত্ব লাভ কৰিছিল মৃত ব্যক্তিজনৰ পুত্ৰ সন্তানে। মৃত ব্যক্তিজনৰ পুত্ৰ সন্তান নাথাকিলে তেওঁৰ সম্পত্তি অবিবাহিত ব্যক্তি অথবা পৰিয়ালৰ পুত্ৰ সন্তান জন্ম দিয়া নাৰীক সম্পত্তিৰ অধিকাৰ দিয়া হৈছিল।

ইয়াৰ ফলত মৃত ব্যক্তিজনৰ বিধৱা নাৰী বা বন্ধ্যা নাৰী অথবা কন্যা সন্তান জন্ম দিয়া নাৰী গৰাকীয়ে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছিল। অৰ্থাৎ পুত্ৰ সন্তানৰ মাতৃ হ’লেহে এগৰাকী নাৰী অথবা মাতৃয়ে সম্পত্তি অধিকাৰ লাভ কৰিছিল দেশখনৰ হিন্দু আইন অনুসৰি।

ইয়াৰ পিছতে ২০১২ চনৰ আগষ্ট মাহত বাংলাদেশৰ আইন আয়োগে হিন্দু নাৰীক সম্পত্তিৰ সমান ভাগ দিয়াৰ বাবে এখন নতুন আইন প্ৰণয়নত অনুমোদন দিয়ে।

আৰু ইয়াৰ ভিত্তিতে কালি বাংলাদেশ উচ্চ ন্যায়ালয়ে ৮ বছৰৰ পিছত এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে।