বিধায়ক শ্বেৰমান আলী ইছলামিক জেহাদীৰ অন্যতম সমৰ্থকঃ হিন্দু যুৱ-ছাত্র

শ্বেৰমান আলী হৈছে অসমৰ ইছলামিক সাম্ৰাজ্যবাদী আৰু জেহাদীৰ অন্যতম সমৰ্থক। এই দাবী হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই মন্তব্য কৰে পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যই। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে শেহতীয়াভাৱে সংবাদ মাধ্যমৰ আগত জেহাদীৰ সমৰ্থনত দিয়া মন্তব্যৰ তীব্ৰ প্রতিক্রিয়া প্ৰকাশ কৰি সভাপতি বৈশ্যই সাংবাদ মেলত কয় যে শ্বেৰমান আলী, আমিনুল ইছলামহঁতৰ দৰে এচাম ধুৰন্ধৰে জেহাদীক সুৰক্ষা দিয়াৰ বাবে উঠি পৰি লাগিছে। জেহাদীক অসমত মজবুত কৰি তোলা আৰু আৰক্ষীয়ে ধৃত জেহাদীক নিৰপৰাধী, নিৰীহ আদি শব্দ প্রয়োগেৰে জেহাদীৰ পক্ষত থিয় হৈ জেহাদীৰ একোজন অভাৰ গ্ৰাউণ্ড কার্যকৰ্তা হিচাপে ধৰা দিছে।

এজন ব্যক্তিক কৰায়ত্ত কৰাৰ লগে লগে তেওঁ দোষী নে নিৰ্দোষী সেয়া আদালতে প্ৰমাণ কৰিব ৷ শ্বেৰমান আলী, আমিনুল ইছলামৰ এই ধৃষ্টতা কিয় হ’ল যে আদালতৰ দায়িত্ব তেওঁলোকে কিয় ললে ? তেওঁলোকে এই কাৰণে লৈছে যে তেওঁলোকে জেহাদীৰ হৈ অভাৰগ্ৰাউণ্ডৰ কাম কৰি আছে ৷ অসমক স্বাধীন ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়িবৰ বাবে অসমত জেহাদীয়ে যি ভয়ানক ভাবে সংগঠন কৰিছে তাক চৰকাৰে বাধা দিবলৈ চেষ্টা কৰাৰ লগে লগে শ্বেৰমান আলী, আমিনুল ইছলামহঁতৰ দৰে মুখা পিন্ধা জেহাদীয়ে আস্ফালন আৰম্ভ কৰে বুলিও বৈশ্যই সংবাদ মেলত সদৰি কৰে। বৈদ্যুতিন মাধ্যমত জেহাদী পক্ষত মত পোষণ কৰি বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বহুতো আপত্তিজনক মন্তব্য কৰাৰ কথা উল্লেখ কৰি সভাপতি বৈশ্যই কয় শ্বেৰমান আলীয়ে বৈদ্যুতিন মাধ্যমত জেহাদীক এক প্রকাৰ পৱিত্ৰ বুলিয়ে উল্লেখ কৰে আৰু অন্যলোকে জেহাদীক বেয়া মানুহ বুলি কোৱাতো যেন ভুলহে হৈছিল তেনেকুৱা ভাৱ প্ৰকাশ কৰে ৷

ইয়াৰ জৰিয়তে শ্বেৰমান আলী যে প্ৰকৃততে জেহাদীৰ অভাৰ গ্রাউণ্ডৰ সংগঠক এইটোকে প্রমাণিত কৰে বুলি আন এক গুৰুত্বপূর্ণ মন্তব্য কৰে সভাপতিগৰাকীয়ে। সংবাদ মেলত বৈশ্যই কয় যে শ্বেৰমান আলীয়ে নিজৰ মন্তব্যত এজন সন্মানীয় সত্ৰাধিকাৰক শংকৰ গুৰুজনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ কৈ চূড়ান্ত ধৃষ্টতা কৰিছে। এই অক্ষমনীয় অপৰাধ কৰাৰ বাবে শ্বেৰমান আলীৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক আহবান জনায় সংগঠনটোৱে। একেখন সংবাদ মেলত বৈশাই লগতে কয় যে শ্বেৰমান আলীয়ে সদ্য ধৃত জেহাদী কেইজনক জেহাদী নহয় সাধাৰণ চোৰ আৰু গৰু চোৰ বুলি মন্তব্য কৰা কথাটোৱে এইটোও প্রমাণ কৰে যে অসমৰ মুছলমান সমাজৰ সাধাৰণ চোৰ আৰু গৰু চোৰসকলৰ লগত শ্বেৰমান আলীৰ মিতিৰালি আছে। গতিকে তেনেকুৱা গৰু চোৰৰ মিতিৰৰ মুখত ৰাম নাম ৰূপী বৰ বৰ কথা আশোভনীয় বুলিও বৈশ্যই সংবাদ মেলখনত কটাক্ষ কৰে।

লগতে গৰু চোৰ আৰু সাধাৰণ চোৰৰ লগত মিতিৰ এজন জনপ্ৰতিনিধি হৈ অসমৰ সন্মানীয় বিধান সভাৰ মজিয়াত থকাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বুলি কৈ আমি অসম চৰকাৰক দাবী জনাইছো এই গৰু চোৰৰ মিতিৰজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তদন্ত কৰিব লাগে তেওঁ জেহাদীৰ হৈ কিমান অভাৰগ্ৰাউণ্ডৰ কাম কৰি আছে ৷ ইপিনে বিধায়ক অখিল গগৈয়ে সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীক মানসিকভাৱে বিকৃতি ঘটা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি বলেন বৈশ্যই কয় যে অখিল গগৈৰ মন্তব্যৰ আমি কোনো প্ৰতিক্ৰিয়া নিদিও ৷

কাৰণ তেওঁ নিজে এজন মানসিক ৰোগী ৷ তেওঁ মানসিক ৰোগৰ চিকিৎসা কৰি ভঙাগড়স্থিত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কেবিনত আছিল ৷সংবাদ মেলত কেন্দ্রীয় সাধাৰণ সম্পাদক মাধব দাস, মুখ্য সাংগঠনিক সম্পাদক বিটুমনি গগৈ, সাংগঠনিক সম্পাদক হেমন্ত বৰুৱা, বিপিন দৈমাৰীসহ বিষয়ববীয়াসকল উপস্থিত থাকে ৷