ভাৰতীয় বংশোদ্ভৱ তথা ব্ৰিটেইনৰ শীৰ্ষ ধনী পৰিয়ালৰ মুৰব্বী শ্ৰীচন্দ হিন্দুজা আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। বুধবাৰে তেওঁৰ কন্যাই তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰে।
বাতৰি অনুসৰি, তেওঁ এছ পি হিন্দুজা নামেৰে পৰিচিত আছিল। তেওঁৰ সম্পূৰ্ণ নাম শ্ৰীচন্দ পৰমানন্দ হিন্দুজা। তেওঁ হিন্দুজা গ্ৰুপৰ অধ্যক্ষ আছিল।
লগতে পঢ়ক: আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য
দীৰ্ঘদিন ধৰি তেওঁ ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, বুধবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
২০২২ চনত চতুৰ্থবাৰৰ বাবে ছানডে টাইমছৰ ধনী তালিকাত শীৰ্ষস্থান দখল কৰিছিল এছ পি হিন্দুজা আৰু তেওঁৰ কনিষ্ঠ ভাতৃ গোপিচান্দে।
পৰমানন্দ দীপচন্দ হিন্দুজাই ১৯১৪ চনত হিন্দুজা গোট প্ৰতিষ্ঠা কৰে। প্ৰথম অৱস্থাত ইৰাণৰ পৰা কাৰ্পেট আৰু শুকান ফল আনি ভাৰতত বিক্ৰী কৰিছিল। এতিয়া ৩০খনতকৈও অধিক দেশত ২ লাখৰো অধিক কৰ্মচাৰীয়ে হিন্দুজা গ্ৰুপত কাম কৰে।
লগতে পঢ়ক: মাৰাত্মক পৰিস্থিতিৰ কবলত ৰাজকুমাৰ হেৰী আৰু মেঘান! দুঘন্টা ধৰি খেদি ফুৰিলে পাপাৰাজ্জিয়ে
১৯৭০ চনত পুত্ৰ শ্ৰীচন্দ আৰু গোপিচান্দে দুই ব্যৱসায়িক ভেটি ব্ৰিটেইনলৈ স্থানান্তৰিত কৰাৰ পিছত নতুন নতুন ক্ষেত্ৰ সংযোজন হ’বলৈ ধৰিলে। গাড়ী, বেংকিং, গেছ, তেল, স্বাস্থ্য সেৱা, বিদ্যুতকে ধৰি বিভিন্ন খণ্ডত তেওঁলোকৰ বিনিয়োগ আছে।