বৰ্তমান সময়ত ‘হাগ্ৰামা’তকৈও ভয়ংকৰ হৈছে ‘হীৰা শৰণীয়া’ : দুৰ্গা দাস বড়ো

Durga Das Bodo

ফাইল ফটো

আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব কংগ্ৰেছ দলে। আগতে বি পি এপৰ লগত কংগ্ৰেছৰ মিত্ৰতা আছিল সেয়ে দলে কোকৰাঝাৰত প্ৰাৰ্থীত্ব প্ৰদান কৰা নাছিল। কিন্তু এইবাৰ আমি সমষ্টিটোত প্ৰাৰ্থীত্ব আগবঢ়াম। কংগ্ৰেছৰ বি টি এ ডি সমন্বয়ৰক্ষীৰ সভাপতি দুৰ্গা দাস বড়োৱে এই ঘোষণা কৰে।

বি টি এ ডি সমন্বয়ৰক্ষী সমিতিৰ সভাপতি দুৰ্গা দাস বড়োৰ নেতৃত্বত বৃহস্পতিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে আগন্তুক নিৰ্বাচনত বি পি এফৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰাৰ্থী থিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে কালিৰ বৈঠকৰ অন্তত দুৰ্গা দাস বড়োৱে এক সংবাদমেলত তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে বি টি এ ডিৰ জনতাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফক উৎখাত কৰি লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক জয়ী কৰাব।

মহিলাৰীয়ে বি টি এ ডিত যি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল সেয়া ৰক্ষা কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বি পি এফ। মহিলাৰীৰ ১৫ বছৰীয়া শাসন কালত বি টি এ ডিত দুৰ্নীতিৰ বাহিৰে বেলেগ একোৱেই নহ’ল। তদুপৰি প্ৰশাসন যন্ত্ৰও দুৰ্নীতিত পোত যোৱা বুলি অভিযোগ কৰে।

আনহাতে বি টি এ ডিত হাগ্ৰামা বিৰোধী শক্তি গঢ় লৈ উঠি বিগত নিৰ্বাচনত হীৰা শৰণীয়াক জয়ী কৰাইছিল। কিন্তু হীৰা শৰণীয়াও একেই ওলাল। উন্নয়নৰ নামত একো নকৰি এতিয়া নিৰ্বাচন অহা বাবে সমষ্টিটোত তৎপৰ হোৱা দেখা গৈছে। বৰ্তমান সময়ত হাগ্ৰামাতকৈও অধিক ভয়ংকৰ ব্যক্তি হৈছে হীৰা শৰণীয়া। এইদৰে দুৰ্গা দাস বড়োৱে নিজৰ মত প্ৰকাশ কৰে।

আনহাতে বি টি এ ডি সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়ক বিশ্বজিৎ ৰায়ে কয় যে চৰম দুৰ্নীতিৰ বাবে বি টি এ ডিৰ জনসাধাৰণে হাগ্ৰামাৰ বিকল্প বিচাৰিছে। সেয়ে তাৰ জনসাধাৰণৰ স্বাৰ্থত এইবাৰ কংগ্ৰেছ দলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।