ছাত্ৰ সমাজৰ আন্দোলনে জাতিত জাগৰণ আনিব

অধ্যয়নৰ যাতে ক্ষতি নহয় তাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীয়ে মন কৰিব লাগিব: হীৰেন গোহাঁই

Hiren Gohain at anti-CAB protest organised by Cotton University Students' Society

ৰণহুংকাৰত হীৰেন গোহাঁই, গুৱাহাটীত শুকুৰবাৰে। ছবি-- নৰ্থইষ্ট নাও।

ছাত্ৰৰ আন্দোলনে জাতিত জাগৰণ আনিব, কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ নাগৰিকত্ব বিধেয়ক বিৰোধী “ৰণহুংকাৰ” বোলা প্ৰতিবাদত বুদ্ধিজীৱী হীৰেন গোহাঁয়ে শুকুৰবাৰে কয়।

বিধেয়কখনৰ বিৰুদ্ধে দীৰ্ঘদিনধৰি মাত মাতি অহা বয়সীয়াল বুদ্ধিজীৱীজনে কয় যে ছাত্ৰ সমাজ আগবাঢ়ি অহাটোৱে আন্দোলনটোৰ শক্তি বৃদ্ধি কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব অধ্যাপক গোহাঁয়ে একে সময়তে ছাত্ৰসকলক আন্দোলনৰ আলমত অধ্যয়নত হেলা নকৰিবলৈ আহ্বান জনায়।

“অধ্যয়নত যাতে ক্ষতি নহয় তাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীয়ে মন কৰিব লাগিব।”

ছাত্ৰ সমাজক শৃংখলাবদ্ধভাৱে আন্দোলনত আগবাঢ়িবলৈ আহ্বান জনাই গোহাঁয়ে অসম আন্দোলনত শিক্ষাৰ্থীসকলে শিক্ষাবৰ্ষ হেৰুওৱাৰ কথা সোঁৱৰাই দিয়ে।

“অসম আন্দোলনৰ কথাসমূহ লক্ষ্য ৰাখি শৃংখলা ৰক্ষাৰে সকলো ছাত্ৰ-ছাত্ৰী আন্দোলনত আগবাঢ়িব লাগে। বহু ছাত্ৰই ৰাজপথত আন্দোলন কৰি শিক্ষাবৰ্ষ হেৰুৱাইছিল,” গোহাঁয়ে কয়।

আন্দোলনটোৰ “স্বেচ্ছাচাৰী চৰকাৰ”ৰ বিৰুদ্ধেহে বুলি উল্লেখ কৰি বুদ্ধিজীৱীজনে ছাত্ৰ সমাজক কয় যে এই সংগ্ৰাম কোনো জাতি বা ধৰ্মৰ বিৰুদ্ধে নহয়, আৰু সেই কথা মনত ৰখা ভাল।

“অসম, উত্তৰ-পূৰ্বাঞ্চলত ইমান আন্দোলনৰ পিছতো চৰকাৰৰ চকু মেল খোৱা নাই। তাতে অনুমান কৰিব পাৰি বিজেপি দলটো কিমান স্বেচ্ছাচাৰী,” তেওঁ কয়।

“বিজেপি চৰকাৰে আন্দোলন অথবা যুক্তি একো বুজি নাপায়।”

তেওঁ কয় যে বিজেপিৰ লক্ষ্য হিন্দু-মুছলমানৰ মাজত “বিভেদ সৃষ্টি” আৰু তেওঁলোকে অসমৰ বিভিন্ন জনগোষ্ঠীৰ আৱেগ-অনুভূতিক, স্বাভিমান, অস্তিত্ব, সংকট কোনো কথা বুজি নাপায়।

“ৰণহুংকাৰ”ত অসমৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ নেতাৰ লগতে দল-সংগঠন, বুদ্ধিজীৱী তথা বহু শিল্পীয়ে অংশগ্ৰহণ কৰে।