আজি স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি; পূৰ্বৰ দুখন চুক্তিৰ ম্যাদ থাকিবনে?
সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এন ডি এফ বি, এবছুকে ধৰি বড়ো নেতৃত্বৰ সৈতে এখন চুক্তি স্বাক্ষৰিত হ’ব। বড়োসকলৰ সৈতে আজি হ’বলগীয়া চুক্তিখন হ’ব তৃতীয়খন চুক্তি।
সোমবাৰে সম্পন্ন হ’বলগীয়া চুক্তিখনত স্বাক্ষৰ কৰিব এন ডি এফ বি, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি, এবছুৰ লগতে আন এটা বড়ো জাতীয় সংগঠনে।
আজি স্বাক্ষৰিত হ’বলগীয়া চুক্তিখনত কি বিষয়বস্তু সন্নিৱিষ্ট হ’ব তাক লৈ যথেষ্ট উদ্বিগ্নতাই বিৰাজ কৰিছে যদিও ইতিমধ্য ইয়াৰ এক ৰূপৰেখা প্ৰস্তুত হৈছে।
বড়োলেম্ডত স্থায়ীভাৱে বসবাস কৰা লোকসকলৰ বাবে বিশেষ অধিকাৰ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।
বড়োভূমিত বহিৰাগত লোকক কোনো ভোটাধিকাৰ দিয়া নহ’ব। তদুপৰি, বাহিৰৰ লোকসকলে কাম কৰিবলৈ বিশেষ অনুমতিপত্ৰ ল’ব লাগিব আৰু ইয়াৰ ম্যাদ নিৰ্দিষ্ট সময়ৰ বাবেহে থাকিব।
এন ডি এফ বিৰ নেতা তথা সদস্যসকলৰ বিৰুদ্ধে থকা এন আই এ বা চিবিআই তথা আৰক্ষীয়ে ৰুজু কৰা গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ’ব। অৱশ্যে, ২০০৮ চনত বোমা বিস্ফোৰণত মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত কি সিদ্ধান্ত লোৱা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
বিটিএডিৰ ভৌগলিক সীমাৰ ভিতৰত শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ অঞ্চল অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা।
জানিব পৰা মতে, বিটিএডিৰ ভোটাৰ তালিকা পুনৰ নতুনকৈ প্ৰস্তুত কৰা হ’ব। ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা সকলে লা কৰিব স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ।
উল্লেখ্য যে ১৯৯৩ চনত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ সৈতে প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল।
উক্ত চুক্তিৰ ফলত সীমিত ৰাজনৈতিক ক্ষমতাৰ জৰিয়তে বড়োলেণ্ড স্বায়ত্ত পৰিষদৰ (বড়োলেণ্ড অট’নমাছ কাউন্সিল) জন্ম হৈছিল।
আনহাতে, ২০০৩ চনত বিদ্ৰোহী গোট বড়ো লিবাৰেশ্যন টাইগাৰ্ছ (বিএলটি)ৰ সৈতে দ্বিতীয়খন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল।
এই চুক্তিৰ পৰিণতিতে অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি চাৰিখন জিলাক লৈ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) গঠন কৰা হৈছিল।
উক্ত জিলাকেইখনক কোৱা হয় বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট (বিটিএডি)।
শিক্ষা, বন, উদ্যান শস্যকে ধৰি বিটিচিয়ে মুঠতে ৩০ টা বিষয়ৰ নিয়ন্ত্ৰণ লাভ কৰে যদিও আৰক্ষী, ৰাজহ আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব পোৱা নাছিল আৰু এইকেইটা অসম চৰকাৰে নিয়ন্ত্ৰণ কৰে।
বিটিচি সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হৈছিল।
কোৱা নিস্প্ৰয়োজন যে এখন সুকীয়া বড়ো ৰাজ্যৰ দাবীত ৰাজ্যখনত বিগত পাঁচ দশক জুৰি কেইবাটাও বড়ো জাতীয় সংগঠন তথা বিদ্ৰোহী সংগঠনে প্ৰতিবাদ, আন্দোলন আদি সাৱ্যস্ত কৰি আহিছে।
সুকীয় বড়ো ৰাজ্যৰ দাবীত গঢ়ি উঠা আন্দোলন হিংসাত্মক ৰূপ লোৱাৰ ফলত নব্বৈৰ দশকত অঞ্চলটোত বহু লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হয়।
এতিয়া প্ৰশ্নটো হৈছে তৃতীয়খন বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত পূৰ্বৰ দুখন চুক্তিৰ কিবা ম্যাদ থাকিবনে? নে নতুন চুক্তিখন এখন পৰিপূৰক চুক্তিহে হ’ব?
অৱশ্যে, চুক্তি স্বাক্ষৰ হোৱাৰ পাছতহে এই কথাবোৰ স্পষ্ট হ’ব বুলি ক’ব পাৰি।