NORTHEAST NOW (Assamese)

আজিৰে পৰা সাতামপুৰুষীয়া বিনিময় প্ৰথাৰে উজ্জীৱিত বুৰঞ্জী প্ৰসিদ্ধ জোনবিল মেলা আৰম্ভ

January 16, 2020 4:38 pm · এন ই নাও নিউজ
জোনবিল মেলাৰ মূল তোৰম

আজি আবেলিৰ পৰা উলহ-মালহেৰে বিগত বৰ্ষবোৰৰ দৰে চলিত বৰ্ষতো আৰম্ভ হয় বুৰঞ্জীপ্ৰসিদ্ধ জোনবিল মেলা।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া জোনবিল মেলাক লৈ এতিয়া মৰিগাঁও আৰু কাৰ্বি আংলং জিলাবাসী ৰাইজৰ ব্যস্ততাৰ অন্ত নোহোৱা পৰিবেশৰ সৃষ্টি হৈছে।

আহোম সাম্ৰাজ্যৰ দিনৰে পৰা আৰম্ভ হোৱা বিনিময় প্ৰথাৰে পৰিচালিত জোনবিল মেলা আজিও একংবিশ শতিকাত পৰম্পৰাগত চৰিত্ৰ অক্ষুণ্ণ ৰাখি অনুষ্ঠিত কৰি অহা হৈছে।

উল্লেখযোগ্য যে, আজিৰে পৰা আৰম্ভ হ’বলগীয়া জোনবিল মেলাত শনিবাৰে ঐতিহ্যমণ্ডিত গোভা ৰাজ্যৰ শেষৰগৰাকী ৰজা দ্বীপ সিং দেওৰজাৰ দৰবাৰ বহিব।

জাগীৰোডৰ পৰা উত্তৰ দিশে ৫ কিলোমিটাৰ সোমাই গ’লে জোনবিল মেলা অনুষ্ঠিত হোৱা স্থানত উপস্থিত হ’ব পাৰি।

জোনবিল মেলাত প্ৰতিবছৰে ৰাজ্যৰ লগতে দেশ আৰু বিদেশৰ অসংখ্য পৰ্যটকে অংশগ্ৰহণ কৰি আহিছে।

বুৰঞ্জী প্ৰসিদ্ধ জোনবিল মেলাৰ সাতামপুৰুষীয়া বিনিময় প্ৰথা আৰু গোভা ৰজাৰ দৰবাৰে প্ৰতিবছৰে জোনবিল মেলাত দৰ্শকক আকৰ্ষণ কৰি অহাৰ লগে অসমৰ প্ৰাচীন সভ্যতাক প্ৰতিফলিত কৰি আহিছে।

জোনবিল মেলাৰ লগত সংগতি ৰাখি উদ্যোক্তা সমিতিয়ে বিভিন্ন পৰম্পৰাগত খেল আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে।

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো জোনবিল মেলাই ৰাইজৰ সমাদৰ লাভ কৰিব বুলি উদ্যোক্তা সমিতিয়ে আশা প্ৰকাশ কৰিছে।

Related News