• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

হত্যাকাৰী চৰকাৰ মুর্দাবাদ

কৌশিক তালুকদাৰ by কৌশিক তালুকদাৰ
January 16, 2020 4:54 pm
Dilip Ghos martyr
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে অতি গৌৰৱেৰে ঘোষণা কৰিছে, “আমাৰ চৰকাৰে উত্তৰ প্ৰদেশ
আৰু অসমত ‘কা’-বিৰোধী আন্দোলনকাৰীক কুকুৰৰ দৰে গুলীয়াই হত্যা কৰিছে। (তাৰ মানে পশ্চিমবংগতো
আন্দোলনকাৰীক একেদৰে হত্যা কৰিব লাগে !)

“হিংসা, বিদ্বেষ আৰু সাম্প্ৰদায়িকতাৰ ভেটিত প্ৰতিষ্ঠিত বিজেপি চৰকাৰৰ বাবে ভাৰতবৰ্ষৰ জনগণ যে কুকুৰতকৈ তুচ্ছ সেই কথা কোনেনো নুবুজে! অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ৰণত প্ৰাণ হেৰুৱাব লগীয়া হোৱা অসমীয়া সন্তানকেইজন বিজেপিৰ বাবে কুকুৰ হ’ব পাৰে, কিন্তু অসমৰ জনগণৰ বাবে তেওঁলোক চহিদ।

Apply Now

কুকুৰ বুলি গণ্য কৰা বাবেই হয়তো অসমৰ বিজেপি চৰকাৰে চহিদ ডেকা কেইজনৰ ঘৰত গৈ খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰিলে। সেই নৃশংস হত্যাৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা কৰাৰতো প্ৰশ্নই নাহে। সি যি হওক, বিজেপি নেতাই স্বীকাৰ কৰিছে যে বিজেপি চৰকাৰে মানুহ হত্যা কৰিছে। এই হত্যাকাৰী চৰকাৰক ন্যায়ালয়ে এতিয়া শাস্তি দিব নে? দিব পাৰিব জানো? অসমৰ জনগণে, ভাৰতৰ জনতাই হত্যাৰ অপৰাধত দোষী চৰকাৰক কি দণ্ড দিব?

কোৱা বাহুল্য মাথোন যে সাম্প্ৰদায়িক মানসিকতাৰ পুণ্যভূমি বিজেপি-আৰ এছ এছ জন্মলগ্নৰ পৰাই গণতন্ত্ৰবিৰোধী। এওঁলোক মানৱতাৰ শত্ৰু হিটলাৰৰ উপাসক। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ নকৰা এই হিন্দুত্ববাদী মহলে ব্ৰিটিছ শাসকক সেৱা-শুশ্ৰূষা কৰি ভাৰতৰ ইতিহাসত ক’লা অধ্যায় ৰচি থৈছে।

গান্ধী, নেহৰু, মৌলানা আজাদ, আম্বেদকাৰ, চৰ্দাৰ পেটেল ইত্যাদি স্বাধীনতা সংগ্ৰামীৰ ত্যাগ-কষ্ট-পৰিকল্পনা-সংগ্ৰামৰ অন্তত ব্ৰিটিছে এৰি যোৱা ভাৰতবৰ্ষখন ভাৰতবৰ্ষ হৈ থাকিল যাৰ আত্মা বাস কৰে বহুত্ববাদ, ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰৰ বুকুত। তাৰ বিপৰীতে জিন্নাৰ নেতৃত্বত ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন হ’ল। ছাভাৰকাৰ প্ৰমুখ্যে হিন্দু সাম্প্ৰদায়িকতাবাদীসকলে ভাৰতবৰ্ষকো ধৰ্মৰ ভিত্তিত প্ৰতিষ্ঠিত ৰাষ্ট্ৰ হিচাপে বিচাৰিছিল। অৰ্থাৎ, এওঁলোকৰ মতে ভাৰতখন হিন্দুৰাষ্ট্র হ’ব লাগিছিল। হিন্দুত্ববাদী বাহিনী তেতিয়া সফল নহ’ল যদিও হিন্দুৰাষ্ট্র গঠনৰ পৰিকল্পনা চলি থাকিল, আজিও চলি আছে। স্বাধীনতাৰ কেইমাহমান পিছতে ধৰ্মনিৰপেক্ষতাৰ প্ৰধান কাণ্ডাৰী জাতিৰ পিতা মহাত্মা গান্ধীক হিন্দুত্ববাদীয়ে হত্যা কৰিলে। সেই হত্যাকাৰী হিন্দুত্ববাদীসকল আজি দেশৰ শাসনত আছে। সেয়ে দেশত গণতন্ত্ৰ, বহুত্ববাদ, ধৰ্মনিৰপেক্ষতা সকলো সংকটত। দেশৰ সংবিধান পদে পদে বিপদাপন্ন হৈছে। নাগৰিকত্ব সংশোধনী আইন ইয়াৰ জ্বলন্ত প্ৰমাণ। এই আইন সংবিধান-বিৰোধী, অসম চুক্তি-বিৰোধী । ইয়াক সংবিধান মানি চলা কোনো ভাৰতীয়ই মানি ল’ব নোৱাৰে । কোনো অসমীয়াই অসম চুক্তিক নস্যাৎ কৰি বিদেশীক নাগৰিকত্ব দিয়াৰ কথা কেতিয়াও নামানে। হিমন্ত বিশ্বৰ দৰে মেৰুদণ্ডহীন ক্ষমতান্ধ প্ৰাণীয়ে যিমানেই নুবুজাওক, সৰ্বানন্দৰ দৰে নিৰ্লজ্জ সুবিধাবাদী ভণ্ড নায়কে যিমানেই অভয় প্ৰদান নকৰক, অগপৰ মন্ত্ৰী-সাংসদ হোৱা জাতীয় দালালকেইজনে যিমানেই ভাওনা নকৰক অসমীয়া ৰাইজে CAA নামানে, আমি নামানো। কথা সিমানেই। সেয়ে অসমে যুঁজিছে অসম চুক্তি বচাবলৈ, নিজৰ জাতিক জীয়াই ৰাখিবলৈ। সমগ্ৰ দেশে যুঁজিছে দেশৰ সংবিধান বচাবলৈ। চৰকাৰে যিমানেই দমন-অত্যাচাৰ নচলাওক, ৰাইজে যুদ্ধক্ষেত্ৰ এৰি নাযায়, যোৱাটো উচিত নহয়। সমগ্ৰ দেশতে চৰকাৰে প্ৰতিবাদী জনগণক হত্যা কৰিছে, অত্যাচাৰ কৰিছে, পুলিচৰ গুলীত অসমী আইৰ সন্তান চহিদ হৈছে, তথাপি যুঁজৰ প্ৰাবল্য নাই কমা, নকমে।

নপুংসক চৰকাৰে অখিল গগৈ প্ৰমুখ্যে বিভিন্ন প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰাৰ উদ্দেশ্যে বন্দী কৰি ৰাখিছে। অখিলক বন্দী কৰি অত্যাচাৰ কৰিছে। অখিলে চিঞৰি কৈছে- “অসমীয়া ৰাইজে ঐক্যবদ্ধ হৈ গণতান্ত্ৰিক, অহিংস গণসংগ্ৰাম অব্যাহত ৰাখিব লাগে”। ৰাইজে যুঁজি আছে । ৰাইজে চিঞৰি চিঞৰি কৈছে- “অখিলক বিনাচৰ্তে মুক্তি দিয়ক”{ ৰাইজে জানে, অখিল গগৈৰ মুক্তি নাগৰিকত্ব সংশোধনী আইন-বিৰোধী আন্দোলনৰ বাবেই জৰুৰী, অখিলৰ মুক্তি গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামৰ বাবে অপৰিহাৰ্য্য। আৰু কাপুৰুষ চৰকাৰে জানে, অখিল ৰণক্ষেত্ৰত থাকিলে ৰাইজৰ সংগ্ৰামৰ ধাৰা অধিক শক্তিশালী হয়।

যোৱা তিনিবছৰৰ পৰাই অখিলেই জানো নিৰৱচ্ছিন্নভাৱে ৰাষ্ট্ৰৰ অসম-বিৰোধী আৰু সাম্প্ৰদায়িক নীতি-আইনৰ বিৰুদ্ধে যুঁজি থকা নাই? যোৱাটো ভোগালী বিহুৰ উৰুকাত ‘কেব’ৰ প্ৰতিবাদত গগৈয়ে অনশন কৰাৰ কথা কোনে পাহৰিব পাৰে? আমি অখিল গগৈৰ লগতে সকলো কাৰাৰুদ্ধ জনগণৰ মুক্তি দাবী কৰিছোঁ, ভোগালীৰ মেজিত অসম-বিৰোধী ‘কা’ আৰু সাম্প্ৰদায়িক বিজেপি-আৰ এছ এছ জ্বলি ভস্মীভূত হোৱাৰ কামনা কৰিছোঁ। অসম তথা ভাৰতৰ জনগণক আহ্বান জনাইছো- “আমি সংবিধান আৰু অসম চুক্তি ৰক্ষাৰ যুঁজখনত ফেচিবাদী কায়দাৰে চৰকাৰে গ্ৰেপ্তাৰ কৰা সমূহ সৈনিকৰ মুক্তিও দাবী কৰক”।

ভাৰতীয়ই ঐক্যবদ্ধ হৈ যুঁজি ব্ৰিটিছক দেশৰ বাহিৰ কৰিছিল, আজি ব্ৰিটিছৰ অবৈধ সন্তান হিন্দুত্ববাদীসকলক ক্ষমতাৰ পৰা বাহিৰ কৰিব লাগিব। হত্যাকাৰী চৰকাৰক ৰাইজে উচিত শাস্তি দিব লাগিব। সভ্য সমাজত হত্যাকাৰীৰ স্থান নাই।

মেৰুদণ্ডহীন, সুবিধাবাদী, অসভ্য, বৰ্বৰ, সাম্প্ৰদায়িক অসুৰৰ ভাৰতত স্থান নাই। নিৰীহৰ তেজৰ চেঁকুৰা ঢাকিবলৈ লাখটকীয়া বিলাসী ছ্যুট পিন্ধা, অসমীয়াক হত্যা কৰি ডিঙিত গামোচা লৈ ভেল্কীবাজি কৰা নপুংসক, কাপুৰুষ শাসক মুর্দাবাদ।

এনে শাসকৰ বিৰুদ্ধে ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ পক্ষত ৰণক্ষেত্ৰলৈ ওলাই অহা প্ৰতিগৰাকী সৈনিক জিন্দাবাদ। অসমী আইৰ মান-মৰ্যদা, ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে চহিদ হোৱা মোৰ ভাতৃসকল জিন্দাবাদ, মোৰ যুঁজাৰু ভাই-ভনী, ককা-আইতা, বন্ধুসকল জিন্দাবাদ। অখিল গগৈ জিন্দাবাদ।

কৌশিক তালুকদাৰ

কৌশিক তালুকদাৰ

কৌশিক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd