NORTHEAST NOW (Assamese)

খনন চলাই থকাৰ মাজতেই ঐতিহাসিক শিৱদ’লৰ গৰ্ভ গৃহত আৱিষ্কাৰ ৰজাদিনীয়া কুণ্ড

April 10, 2022 5:51 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
Updated: April 10, 2022 5:52 pm

ঐতিহাসিক শিৱ দৌলৰ পুৰণি ৰূপটোক পুনৰুদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে আৱিষ্কাৰ হৈছে এটা বিশেষ কুণ্ড। ঐতিহাসিক শিৱদ’লৰ গৰ্ভ গৃহৰ ভিতৰত আৱিষ্কাৰ হৈছে এক ৰজাদিনীয়া কুণ্ড।

খনন চলাই থকাৰ মাজতেই ঐতিহাসিক শিৱদ’লৰ গৰ্ভ গৃহৰ ভিতৰত ৰজাদিনীয়া কুণ্ডটো উদ্ধাৰ হয়।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল উদ্ধাৰ হোৱা কুণ্ডত এতিয়াও আছে পানী। এসময়ত ইয়াৰ পৰাই পূজাৰীয়ে পানী তুলি পূজা গৃহলৈ লৈ গৈছিল বুলি অনুমান কৰা হৈছে।

শিৱদ’ল আধুনীকৰণ কৰাৰ নামত পূৰ্বৰ কমিটিয়ে টাইলছ, মাৰ্বল আদি লগাই দিছিল।

শিৱদ’লক পুনৰ পুৰণি ৰূপ দিবলৈ পূৰাতত্ব বিভাগে দ’লৰ গৰ্ভ গৃহৰ ভিতৰত নতুনকৈ প্ৰতিষ্ঠা কৰা শিৱ লিংগ, টাইলছ, মাৰ্বল, মূৰ্তি আদি উঠাই দিয়াৰ কাম আৰম্ভ কৰিছে।

যিহেতু শিৱদ’লক ‘ৱৰ্ল্ড হেৰিটেজ চাইট’ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈয়েই এনে প্ৰক্ৰিয়া চলাই থকা হৈছে।

Related News