প্ৰথমবাৰৰ বাবে নিউয়ৰ্কৰ টাইমছ স্কোৱেৰত উৰিব তিনি বৰণীয়া জাতীয় পতাকা

১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ প্ৰতিষ্ঠিত টাইমছ স্কোৱেৰত প্ৰথমবাৰৰ বাবে উৰিব ভাৰতীয় পতাকা।

আমেৰিকাত থকা ভাৰতীয়সকলৰ সংগঠন ফেডাৰেশ্যন অফ ইণ্ডিয়ান এছ’চিয়েশ্যন (এফ আই এ)ৰ তৰফৰ পৰা ভাৰতীয় পতাকা উত্তোলন কৰা হ’ব।

টাইমছ স্কোৱেৰত পতাকা উত্তোলন কৰাৰ লগতে প্ৰত্যেক বছৰৰ দৰে এইবছৰো ১৪ আগষ্টৰ দিনা এম্পায়াৰ ষ্টেট বিল্ডিংটো কমলা, বগা আৰু সেইজীয়া ৰঙৰ লাইটেৰে পোহৰাই তোলা হ’ব বুলি সংগঠনটোৱে জনায়।

উল্লেখ্য যে ফেডাৰেশ্যন অফ ইণ্ডিয়ান এছ’চিয়েশ্যনৰ এইবাৰ স্বৰ্ণ জয়ন্তী। প্ৰবাসী সকলৰ ভিতৰত অন্যতম ডাঙৰ সংগঠন এফ আই এ স্থাপন হৈছিল ১৯৭০ চনত।

আনহাতে, ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা এফ আই এয়ে প্ৰতিবছৰে ইণ্ডিয়া ডে পেৰেডৰ আয়োজন কৰি আহিছে।

এই পেৰেডত আমেৰীকাৰ শীৰ্ষ ৰাজনৈতিক নেতা, আইনবিদ আৰু ভাৰতীয়-আমেৰিকা সমূদায়ৰ মুখ্য সদস্যসকলৰ লগতে ভাৰতৰ জনপ্ৰিয় ব্যক্তিও উপস্থিত থাকে।

অৱশ্যে ক’ৰ’না ভাইৰাছৰ সংহাৰী প্ৰকোপৰ বাবে এই বছৰ পেৰেড কাৰ্যসূচী অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে।