লক্ষ্ণৌৰ কাৰাগাৰত এইচ আই ভি আক্ৰান্ত ৬৩জন কয়দী! কাৰাগাৰৰ স্বাস্থ্য ব্যৱস্থাক লৈ উঠিছে প্ৰশ্ন

প্ৰতিনিধিত্বমূলক ফটো।

লক্ষ্ণৌ জিলা কাৰাগাৰত বন্দীসকলৰ মাজত এইচ আই ভি সংক্ৰমণ বৃদ্ধি পাইছে! নতুনকৈ কমেও ৩৬ জন লোকৰ দেহত পোৱা গৈছে এই ভাইৰাছ। যিটো এতিয়া প্ৰশাসনৰ বাবে মূৰৰ বিষৰ কাৰণ হৈ পৰিছে। কাৰাগাৰৰ স্বাস্থ্য ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। তাত প্ৰকৃততে কি ঘটিছে জানিবলৈ তদন্ত আৰম্ভ হৈছে।

জানিব পৰা মতে, লক্ষ্ণৌ জিলা কাৰাগাৰত এইচ আই ভি আক্ৰান্তৰ মুঠ সংখ্যা ৬৩ জন। কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, এইচ আই ভি টেষ্ট কিটৰ অভাৱৰ বাবে বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা কাৰাবন্দীসকলৰ ভাইৰাছ সংক্ৰমণৰ পৰীক্ষা বন্ধ কৰি দিয়া হৈছিল।

অৱশেষত যোৱা বছৰৰ ডিচেম্বৰ মাহত কাৰাবন্দীসকলৰ শাৰীৰিক পৰীক্ষা কৰা হয়। য’ত ৩৬ জন কয়দী নতুনকৈ আক্ৰান্ত পোৱা গৈছিল। এই ৰোগত আক্ৰান্তসকলৰ এক বৃহৎ অংশই আগতে ড্ৰাগছ সেৱন কৰিছিল। জেললৈ অহাৰ পূৰ্বে এইচ আই ভি আক্ৰান্ত হৈছিল।

লগতে পঢ়কঃ কেৰালাত মেকুৰীৰ কেঁচা মাংস খোৱা অৱস্থাত উদ্ধাৰ অসমৰ এজন লোক; প্ৰেৰণ মানসিক চিকিৎসালয়লৈ

কাৰাগাৰ প্ৰশাসনে দাবী কৰে যে এই ভুক্তভোগীসকলে কাৰাগাৰৰ বাহিৰত দূষিত চিৰিঞ্জ ব্যৱহাৰ কৰিছিল। তাৰ পৰাই এই ভাইৰাছ তেওঁলোকৰ শৰীৰত প্ৰৱেশ কৰে।

জেল কৰ্তৃপক্ষই সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কয়, এতিয়া এইচ আই ভি পজিটিভ সকলো কয়দীৰ নিয়মীয়াকৈ লক্ষ্ণৌ হাস্পতালত চিকিৎসা কৰা হয়। আটাইকেইজন আক্ৰান্তৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে কাৰাগাৰ প্ৰশাসনে।

যদিও এইচ আই ভি আক্ৰান্ত লোকৰ সংখ্যা আতংকজনকভাৱে বৃদ্ধি পাইছে, তথাপিও যোৱা পাঁচ বছৰত এই ভাইৰাছৰ বাবে কোনো লোকে জীৱন হেৰুৱাবলগীয়া হোৱা নাই।

লগতে পঢ়কঃচৰকাৰৰ জাতিবিৰোধী কাৰ্য : অসমীয়া নজনা বহিৰাগত প্ৰাৰ্থীয়ে কিদৰে পালে APSC ৰ চাকৰি?

অৱশ্যে এইচ আই ভি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে লক্ষ্ণৌ জিলা কাৰাগাৰ সকলো কয়দীৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি চিন্তিত হৈ পৰিছে। জেলৰ সূত্ৰৰ পৰা জানিব পৰা মতে কৰ্তৃপক্ষই এই ভাইৰাছ আনলৈ বিয়পি পৰাৰ পৰা ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ভাইৰাছৰ উৎস বিচাৰি উলিওৱাৰ বাবে তদন্ত অব্যাহত আছে। কাৰাগাৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সকলো পদ্ধতি পুনৰীক্ষণ কৰা হৈছে।