ত্ৰিপুৰাত শিক্ষাৰ্থীৰ মাজত HIV সংকট; ৪৭ জনৰ মৃত্যু, ৮২৮ গৰাকী পজিটিভ

প্ৰতিনিধিত্বমূলক ফটো।

ত্ৰিপুৰাত ছাত্ৰ-ছাত্ৰীৰ মাজত এইচ আই ভিৰ ভয়াৱহ সংকটৰ সৃষ্টি হৈছে। এই ভাইৰাছত ৪৭ জনৰ মৃত্যু হোৱাৰ লগতে ৮২৮ জনৰ দেহত পজিটিভ পোৱা গৈছে। ত্ৰিপুৰা ৰাজ্যিক এইডছ কন্ট্ৰোল ছ’চাইটিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিছে।

বিষয়াগৰাকীয়ে কয়, ‘আমি এইচ আই ভি পজিটিভ ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক পঞ্জীয়ন কৰিছো। ইয়াৰে ৫৭২ জন এতিয়াও জীয়াই আছে, আৰু আমি ৪৭ জনক  সংক্ৰমণৰ ফলত হেৰুৱাইছো।’

বিষয়াগৰাকীয়ে লগতে কয়, ‘দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহত উচ্চ শিক্ষাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে ত্ৰিপুৰাৰ বাহিৰলৈ প্ৰব্ৰজন কৰিছে।‘

ত্ৰিপুৰা ৰাজ্যিক এইডছ কন্ট্ৰোল ছ’চাইটিয়ে ২২০খন বিদ্যালয় আৰু ২৪খন মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ পৰা বেজীৰে ড্ৰাগছ সেৱন কৰা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰিছে।

লগতে পঢ়কঃ “আগষ্টৰ ভিতৰত পতন হ’ব মোডী চৰকাৰৰ”, লালু প্ৰসাদ যাদৱৰ বিস্ফোৰক দাবী

শেহতীয়া তথ্যই দৈনিক পাঁচৰ পৰা সাতটা নতুন এইচ আই ভি ৰোগী ধৰা পৰাৰ এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে বুলিও বিষয়াগৰাকীয়ে লগতে কয়।

ত্ৰিপুৰা জাৰ্নেলিষ্ট ইউনিয়ন, ৱেব মিডিয়া ফ’ৰাম, আৰু টি এছ এ চি এছৰ উদ্যোগত আয়োজিত সংবাদ মাধ্যমৰ কৰ্মশালাৰ সময়ত টি এছ এ চি এছৰ যুটীয়া সঞ্চালকে ত্ৰিপুৰাৰ এইচ আই ভি পৰিস্থিতিৰ পৰিসংখ্যাগত আভাস দাঙি ধৰে।

তেওঁ ব্যাখ্যা দাঙি ধৰি কয়, “এতিয়ালৈকে ২২০খন বিদ্যালয় আৰু ২৪খন কলেজ তথা বিশ্ববিদ্যালয় চিনাক্ত কৰা হৈছে য’ত ছাত্ৰ-ছাত্ৰীসকলে বেজীৰে শিৰাত ড্ৰাগছ সেৱনৰ প্ৰতি আসক্ত। আমি প্ৰায় সকলো ব্লক আৰু মহকুমাৰ পৰা প্ৰতিবেদন সংগ্ৰহেৰে ৰাজ্যজুৰি ১৬৪টা স্বাস্থ্যসেৱা সুবিধা কেন্দ্ৰৰ পৰা তথ্য সংগ্ৰহ কৰিছো।’

লগতে পঢ়কঃ মোডীৰ স্বদেশী প্ৰযুক্তিৰ আত্মসমৰ্পন! টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ গৈ বন্ধই হৈ গ’ল ‘Koo’

মুঠ সক্ৰিয় ৰোগীৰ সংখ্যাৰ সন্দৰ্ভত টি এছ এ চি এছৰ এজন জ্যেষ্ঠ বিষয়াই ৰিপ’ৰ্ট দাঙি ধৰে যে, “২০২৪ চনৰ মে’ মাহলৈকে আমি এন্টিৰেট্ৰ’ভাইৰেল থেৰাপি (এ আৰ টি) কেন্দ্ৰত ৮৭২৯ জন লোকক পঞ্জীয়ন কৰিছো। বৰ্তমান ৪৫৭০ জন পুৰুষ, ১১০৩ জন মহিলা আৰু এজন তৃতীয় লিংগৰ ব্যক্তিকে ধৰি মুঠ ৫৬৭৪ জন লোক এইচ আই ভি ৰোগত আক্ৰান্ত হৈ আছে।”

ত্ৰিপুৰাত এইচ আই ভি ৰোগীৰ বৃদ্ধিৰ মূল কাৰণ হৈছে বেজীৰে শিৰাত ড্ৰাগছ সেৱনৰ ঘটনা।