হিজবুল্লাৰ ৰকেট আক্ৰমণৰ পিছতে ইজৰাইলত পুনৰ বাজিছে যুদ্ধৰ দামামা

is

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলিত বৰ্ষৰ মে’ মাহত সংঘটিত ৰক্তক্ষয়ী যুদ্ধৰ শাম কাটিছিল যুদ্ধ বিৰতি ঘোষণাৰ জৰিয়তে।

যোৱা ২১ মে’ত ইজৰাইল-পেলেষ্টাইনে ১১দিন ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ যুদ্ধ বিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।কিছুদিন ধৰি শান্ত হৈ থকা ইজৰাইলত যোৱা নিশা পুনৰ লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাই ৰকেট আক্ৰমণ কৰে।

উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে শেহতীয়াকৈ ইজৰাইলে কৰা বোমা বৰ্ষণৰ প্ৰত্যুত্তৰ হিচাবেই এই আক্ৰমণ কৰা হৈছে বুলি সংগঠনটোৱে এক বিবৃতিত প্ৰকাশ কৰিছে।

শেহতীয়াকৈ হৈ যোৱা ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ ফলত বিশ্বযুদ্ধৰ সূচনা হোৱাৰ আশংকাই দেখা দিছিল।

দেশ দুখনৰ মাজত সংঘটিত এই যুদ্ধত তুৰস্ক, ৰাছিয়া আৰু আমেৰিকাৰ প্ৰত্যক্ষ প্ৰৱেশৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছিল আৰু ফলত এই যুদ্ধই বিশ্বযুদ্ধৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছিল।

এই যুদ্ধত ৬৪টি শিশু আৰু ৩৮গৰাকী মহিলাকে ধৰি কমেও ২২৭জন পেলেষ্টাইনী নাগৰিক নিহত হৈছিল আৰু ১,৬২০গৰাকী লোক আহত হৈছিল।

তদুপৰি, এই যুদ্ধৰ ফলত প্ৰায় ৫৮,০০০পেলেষ্টাইনী নাগৰিকে নিজৰ ঘৰ-বাৰী এৰি পলাবলগীয়া হৈছিল।

ইতিয়া পুনৰ ইৰাণৰ আশীষপুষ্ট হিজবুল্লাই ইজৰাইলত আক্ৰমণ চলোৱাৰ কথাই দেশ খনত বাহাল থকা শান্তি বিঘ্নিত হোৱাৰ আশংকাকে ঘনীভূত কৰিছে।

উল্লেখ্য ২০০৬ চনত হিজবুল্লাৰ সৈতে ইজৰাইলী সেনাৰ হোৱা যুদ্ধ বহু লোকৰ প্ৰাণহানি ঘটিছিল।