প্ৰতিবাদত উদ্বিগ্ন কেন্দ্ৰীয় গৃহ মন্ত্ৰী! উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে আজি মিলিত হ’ব বৈঠকত

CAB in parliament: Rajnath Singh asks BJP MPs to be present

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং। সৌজন্য: financialexpress.com

‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’, বিজেপিৰ বাবে এতিয়া হেঙাৰ হৈ থিয় দিয়া উত্তৰ-পূবৰ প্ৰতিবাদক কিদৰে নিয়ন্ত্ৰন কৰিব পৰা যাব সেই উদ্দেশ্য আগত ৰাখিয়েই আজি গৃহ মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হ’ব।

অসম আৰু ত্ৰিপুৰা চৰকাৰক বাদ দি উত্তৰ-পূবৰ বাকী কেইখন ৰাজ্যৰ চৰকাৰে কোনো কাৰণতে বিধেয়ক মানি নলও বুলি কোৱাৰ লগতে বিধেয়ক বাতিলৰ দাবীত উত্তৰ-পূবৰ সকলো দল-সংগঠনে সাব্যস্ত কৰি থকা প্ৰতিবাদত চিন্তিত হৈয়ে আজিৰ এই বৈঠকৰ আহ্বান জনোৱা বুলি জানিব পৰা গৈছে।

গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আজি বিয়লি তিনি বজাত নতুন দিল্লীৰ নৰ্থ ব্লকত উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে উক্ত বৈঠকত মিলিত হ’ব। এই বৈঠকৰ জৰিয়তে সিঙে বিধেয়কখনৰ সপক্ষে মুখ্য মন্ত্ৰী কেইজনৰ সমৰ্থন আদায়ৰ চেষ্টা চলাব বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা যায়।

উল্লেখ্য যে বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত এতিয়া ৰাজ্যসভাত গৃহীত কৰিবলৈ বিজেপিয়ে চেষ্টা অব্যাহত ৰখাৰ সময়তে উত্তৰ-পূবৰ অধিকাংশ বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্য মন্ত্ৰীৰ লগতে ১১ টাকৈ আঞ্চলিক দলৰ প্ৰতিনিধিয়ে যোৱা ২৯ জানুৱাৰিত গুৱাহাটীত একত্ৰিত হৈ বিধেয়কখনৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন চলাই যাব বুলিও কেন্দ্ৰীয় চৰকাৰক হুংকাৰ প্ৰদান কৰিছিল।