NORTHEAST NOW (Assamese)

অনাময় আঁচনিৰ হৰ্ডিঙক লৈ ডিমা হাচাওত প্ৰতিক্ৰিয়া : সংবাদমেল পাতি স্পষ্টীকৰণ দিলে কৰ্তৃপক্ষই

September 22, 2019 7:39 am · পংকজ কুমাৰ দেব
Updated: September 22, 2019 7:48 am
শনিবাৰে উপায়ুক্তৰ কাৰ্যালয়ত স্বচ্ছ ভাৰত মিছন কৰ্তৃপক্ষৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

চৰকাৰৰ স্বচ্ছ ভাৰত মিছনৰ অধীনৰ অনাময় আঁচনিৰ এখন হৰ্ডিঙে ডিমা হাচাও জিলাৰ সাধাৰণ ৰাইজৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

গুৱাহাটীৰ পৰা বিভাগীয় ঠিকাদাৰে দুদিন আগতে জিলাখনৰ পৰিষদীয় সমষ্টি গুনজুঙৰ উপৰি হাজাদিচা, হামৰি আদি ঠাইত এই হৰ্ডিঙ লগাইছিল।

উক্ত হৰ্ডিঙত পৰিষদীয় সমষ্টিৰ ঠাইত গাঁও পঞ্চায়ত বুলি উল্লেখ কৰা হয় আৰু ‘গাঁও পঞ্চায়ত’ শব্দ যুগলেই বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ পৰে।

ডিমা হাচাও জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত এখন জিলা য’ত গাঁও পঞ্চায়ত ব্যৱস্থাটো নাই। ইয়াত সুকীয়া স্বায়ত্ত শাসিত পৰিষদহে আছে।

এনে ক্ষেত্ৰত গাঁও পঞ্চায়ত বিষয়টোক লৈ সচেতন ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাইজে আনকি পাৰ্বত্য পৰিষদৰ প্ৰতিনিধিক ইয়াৰ বাবে জবাবদিহি কৰে।

আনহাতে, উক্ত ইছ্যুটোক লৈ শনিবাৰে স্বচ্ছ ভাৰত মিছনৰ জিলা ন’ডেল অফিচাৰ পিন্টু লাংথাছাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সংবাদ মেল পাতি ইয়াৰ স্পষ্টীকৰণ দিয়ে ।

ডিমা হাচাওত বিতৰ্কৰ সৃষ্টি কৰা হৰ্ডিংখন। ফটো : নৰ্থইষ্ট নাও

লাংথাছাই কয়, ‘’গুৱাহাটীৰ এটা ঠিকাদাৰী সংস্থাই ৰাজ্যৰ ৩১ খন জিলাৰ লগতে ডিমা হাচাও জিলাতো অনাময় আঁচনিৰ হৰ্ডিং স্থাপন কৰে। য’ত তেওঁলোকে ৰাজ্যৰ আন আন ঠাইৰ নিচিনা ষষ্ঠ অনুসূচিৰ ডিমা হাচাও জিলাতো আমাৰ লগত কোনো ধৰণৰ যোগাযোগ অবিহনে গাঁও পঞ্চায়ত উল্লেখ থকা হৰ্ডিং লগাই যায়। ইয়াক কেন্দ্ৰ কৰিয়েই ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।‘’

লাংথাছাই লগতে কয়, ‘’সংশ্লিষ্ট ঠিকাদাৰী সংস্থাৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁলোকে আমাক আশ্বাস দিছে যে অহা দুদিনমানৰ ভিতৰত সকলো ভুল সংশোধন কৰি নতুনকৈ হৰ্ডিং স্থাপন কৰা হ’ব।‘’

ইপিনে, হাফলং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা তথা স্বচ্ছ ভাৰত মিছনৰ সদস্য সচিব পিনাকী শংকৰ কৰে জানিবলৈ দিয়ে যে ডিমা হাচাও জিলাৰ ২৮ টা পৰিষদীয় সমষ্টিৰ ২৮ টাতে ইতিমধ্যে মুকলি মলত্যাগ মুক্ত ( Open Deification free) পৰিষদীয় এলেকা হিচাপে চৰকাৰে ঘোষণা কৰিছে আৰু মুকলি মলত্যাগ মুক্ত এলেকাৰ কথা উল্লেখ কৰা হৰ্ডিঙকলৈয়ে এই বিতৰ্কৰ সূচনা হৈছে।

উল্লেখযোগ্য যে চৰকাৰে স্বায়ত্ত শাসিত পৰিষদ এলেকাত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ কৰাৰ কাৰণে যো-জা চলাই থকাৰ সময়ত অনাময় আঁচনিৰ হৰ্ডিঙত গাঁও পঞ্চায়ত শব্দটোৱে আউল লগায়।

অৱশ্যে জিলা উপায়ুক্ত তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱাই ৰাইজক বিচলিত নহ’বলৈ আহ্বান জনায়।

সংবাদ মেলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা দেবেন শৰ্মাও উপস্থিত থাকে।

Related News