১৪ ছেপ্টেম্বৰত হোজাই মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

20180911_205501

হোজাই মহাবিদ্যালয়ৰ নিৰ্বাচন বিষয়া এছ সৰকাৰে ১০ ছেপ্টেম্বৰত প্ৰকাশ কৰা চূড়ান্ত তালিকা অনুসৰি ১৩ টা পদৱীৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।এই বছৰ ভাৰতীয় জনতা পাৰ্টীৰ ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে মহকালৰ সৈতে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।

প্ৰতিটো পদৰ বিপৰীতে প্ৰাৰ্থীসকলৰ কেইগৰাকীমান হৈছে হৈছে সভাপতি : শীৰ্ষেন্দু দেৱনাথ (এবিভিপি) আৰু ৰাজেশ কুমাৰ সাহা (মহাকাল), উপ সভাপতি : বিশাল বণিক (মহাকাল) আৰু পদ্মিনী ছাহু (এবিভিপি), সাধাৰণ সম্পাদক চাৰ্লিছং তিমুং (এবিভিপি) আৰু ৰাহুল কুমাৰ ডুবে, সাংস্কৃতিক সম্পাদক :দীপ সাহা (এবিভিপি) আৰু প্ৰিয়ংকা নাগ (মহাকাল), আউটড’ৰ গেমছ সম্পাদক : দেবজিৎ দত্ত (মহাকাল), হাফিজ অল আছাদ (নিৰ্দলীয়) আৰু প্ৰসেনদজিৎ দেব (এবিভিপি), ইনডোৰ গেমছ সম্পাদক : অভিজিৎ সিংহ (এবিভিপি) আৰু শংকৰ ছাহু (মহাকাল), তৰ্ক আৰু ছিৱ্প’ছিয়াম সম্পাদক : আকাশ তিছো (এবিভিপি) সুমিত দত্ত (মহাকাল)

৫ আৰু ৬ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ জাৰি কৰা হৈছে। মনোনয়নপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ৭ ছেপ্টেম্বৰ। ৮ ছেপ্টেম্বৰত মনোনয়নপত্ৰ পুনৰীক্ষণ কৰা হ’ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ১০ ছেপ্টেম্বৰ। ১০ ছেপ্টেম্বৰৰ ২-০০ বজাৰ পাছত প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা ঘোষণা কৰা হ’ব।
জাননী অনুসৰি, ১৪ তাৰিখে পুৱা ৮-০০ বজাৰ পৰা দুপৰীয়া ১২-০০ লৈকে ভোট প্দান কৰা হ’ব। একে দিনাই ১-০০ বজাত ফলাফল ঘোষণা কৰা হ’ব।