সুৰামত্ত অৱস্থাত পিতা-পুত্ৰক আক্ৰমণঃ নিলম্বিত হ’ল হোজাইৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত

সুৰামত্ত অৱস্থাত জ্যেষ্ঠ নাগৰিকক আক্ৰমণ কৰি নিলম্বিত হ’ল হোজাইৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত।
হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই সুৰাপান কৰি দুজন লোকক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। এনে অভিযোগতে তেওঁলোকক নিলম্বিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

এগৰাকী জ্যেষ্ঠ নাগৰিক আৰু তেওঁৰ পুত্ৰক সুৰামত্ত অৱস্থাত উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই প্ৰহাৰ কৰাৰ ঘটনাকলৈ স্থানীয় লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত অসম চৰকাৰে তাৎক্ষণিকভাৱে তেওঁলোকক নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে।

ঘটনাটো পোহৰলৈ অহাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোজাই ডিচি অনুপম চৌধুৰী আৰু এডিচি ৰক্তিম বৰুৱাক নিলম্বনৰ নিৰ্দেশ দিয়ে বুধবাৰে নিশা।

ঘটনাটো ডিচিৰ চৰকাৰী বাসভৱনৰ সন্মুখত ঘটা বুলি খবৰ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে ঘটনাটোৰ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে যে সাধাৰণ ৰাইজক আক্ৰমণ কৰাটো অসহনীয় কাৰ্য আৰু এনে কাৰ্য্যৰবিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।