NORTHEAST NOW (Assamese)

হোলীৰ ৰঙেই কাল হ’ল; শিঙিমাৰীত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত

March 21, 2019 12:55 pm · মৃদুল প্ৰীতম ডেকা
প্ৰতিনিধিত্বমূলক ছবি

হোলীৰ আনন্দ উল্লাসৰ মাজতে আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাৰ ঘটনাই আনন্দৰ পৰিবেশৰ মাজতে কামৰূপ গ্ৰাম্য জিলাৰ শিঙিমাৰীত শোকৰ ছাঁ পেলাইছে । চলন্ত বাইক আৰোহীলৈ বুলি পানী ৰঙ নিক্ষেপ কৰাৰ পৰিণতিতে সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য মতে শিঙিমাৰীত হোলী খেলি থকা কেইগৰাকীমান মহিলাই তেওঁলোকৰ ওচৰেৰে পাৰ হৈ যোৱা এ এছ- ২৫- এম- ৯৫৬২ নম্বৰৰ এখন বাইকলৈ ৰঙ পানী নিক্ষেপ কৰিছিল। ফলত বাইক আৰোহী গৰাকীৰ চকুত ৰঙৰ পানী সুমাই যোৱাত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা এ এছ-২০-১৫৮৬ নম্বৰৰ এখন যাত্ৰীবাসী বাছৰ তলত সোমাই পৰে।

দুৰ্ঘটনাটোৰ ফলত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আহতজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

বাতৰি লিখা পৰ্যন্ত বাইক আৰোহী দুগৰাকীৰ নাম জানিব পৰা হোৱা নাই।

Related News