প্ৰকাণ্ড শিলেই যাৰ পৰিচয় সেয়াই বৰশিল; আৰিয়া প্ৰজ্বলনেৰে দৌল উৎসৱ উদযাপন

WhatsApp Image 2022-03-18 at 2.04.21 PM

ফটো: নৰ্থইষ্ট নাও।

কামৰূপ জিলাৰ কমল পুৰৰ মদৰতলা মৌজাৰ বৰগাঁৱত অৱস্থিত বৰশিল আশ্ৰম। শিলেই যাৰ পৰিচয় সেয়াই বৰশিল।সৃষ্টিকৰ্তাৰ অপাৰ মহিমা আৰু শক্তিৰ কথা সাধাৰণ মানৱ জাতিয়ে জানো বুজিব পাৰে। সৃষ্টিকৰ্তাৰ ইচ্ছাত উদ্গীৰণ হয় ভূগৰ্ভত থকা বস্তুবোৰ। ওঠৰ শতিকাৰ আগভাগতেই সমান ঠাইৰ এডৰা মাটিত ঐশ্বৰিক শক্তি সম্পন্ন শিলটি সৃষ্টিকৰ্তাৰ বাবেই উদগিৰিত হল বৰগাঁৱৰ স্বৰ্গীয় আদৰু ৰাম কেওতৰ মাটিত। তেতিয়াৰ পৰা যিটো শিল আজিলৈ পৰিচিত হৈ আছে হিন্দু ধৰ্মৰ পূজা থলী হিচাপে।

ঐশ্বৰিক গুণসম্পন্ন শিলটো ক্ৰমশ ডাঙৰ হোৱাৰ লগতে শিলটোত দেখা কেইবাটাও চিহ্নই ভক্ত প্ৰাণ ৰাইজক আকৰ্ষিত কৰিছে।মানুহৰ মাজত লাহে লাহে শিলটোৰ আকাৰ বৃদ্ধিৰ বাবে আলোচনা চলিল।সকলোৱে শিলটোক ভগবানৰ এক অৱদান হিচাপে গ্ৰহণ কৰিলে।

শিলটোৱে মানুহক আকৰ্ষণ কৰাৰ লগে লগে মানুহে ইয়াক নাম দিলে “বৰশিল”। যিমানে শিলটোৰ আকাৰ বৃদ্ধি পালে সিমানেই মানুহৰ শিলটোৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি বৃদ্ধি পালে।শিলটো অৱস্থিত হোৱা ঠাইখিনি চাৰিসীমা পৰ্যবেক্ষণ কৰিলেই দেখা যায় শিলটোৰ পৰা কিছু নিলগত আছে মদনকামদেৱ মন্দিৰ আৰু গোঁপেশ্বৰ দেৱালয়। শিলটোৱে প্ৰকৃতিক আদৰণি জনায় প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধন কৰিছে।

লগতে পঢ়ক: ৰঙে ৰঙে একাকাৰ! দৌল মহোৎসৱ উপলক্ষে লোকে লোকাৰণ্য বৰপেটা সত্ৰ

অনুমেয় ওঠৰ শতিকাৰ মাজভাগত পূব পাৰ মৌজাৰ দালাঙ গাঁৱৰ নিবাসী স্বৰ্গীয় সভা ৰাম দত্তই শিলটোৰ মহত্ব বুজি শিলটোৰ ওচৰতে এখন আশ্ৰম স্থাপন কৰি বসবাস কৰিবলৈ লোৱাত লাহে লাহে দুই চাৰিজন ব্যক্তি শিলটো চাবলৈ যোৱাত শিলটোৰ মহত্ব ক্ৰমশ: বিকশিত হয় আৰু জনসাধাৰণৰ সেৱাৰ স্থলীত পৰিণত হৈছিল।

স্বৰ্গীয় সভাৰাম দত্তৰ পিছতেই আশ্ৰমত থাকিবলৈ ল’লে স্বৰ্গীয় বলৰাম বাবাজীয়ে। বাবাজীয়ে আশ্ৰমত থকা সময়তে শাস্ত্ৰৰ বিষয়ে আলোচনা হোৱাত সাধাৰণ ৰাইজৰ আগতকৈও ধৰ্মৰ প্ৰতি ধাউতি বাঢ়িল। লাহে লাহে আশ্ৰমৰ চাৰিওফালে গছ গছনি ৰোপন কৰাত প্ৰাকৃতিক শোভা বৃদ্ধি পালে। স্বৰ্গীয় বলৰাম বাবাৰ পিছতেই আশ্ৰমখনিৰ দায়িত্ব পালন কৰিলে বৰগাঁও নিবাসী স্বৰ্গীয় ভেহুৱা ডেকা, বিষ্ণু বাবা আদিকে ধৰি কেইবাগৰকীও গণ্য মান্য ব্যক্তিয়ে। সময়ৰ সোঁতত আশ্ৰম খনিৰ আকাৰ বৃদ্ধি হল। টিন চালিৰে নিৰ্মাণ কৰা আশ্ৰম খনি পকী হ’ল। বিষ্ণু বাবাৰ দিনৰে পৰা এই আশ্ৰমক কেন্দ্ৰ কৰি বৰগাঁও আৰু সৰিকত বাসীয়ে হিন্দু ধৰ্মৰ পৱিত্ৰ উৎসৱ শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱ পালন কৰিব ধৰিলে। কিন্তু বৰ্তমানে সাৰিকতবাসীয়ে নিজাকৈ এই উৎসৱটি পালন কৰে। লাহে লাহে আশ্ৰমখনিলৈ মানুহৰ ধাউতি বঢ়াত প্ৰতি বৃহস্পতিবাৰে ভাগৱত পাঠ কৰা হৈছিল আৰু আজিও এই নিয়ম পৰম্পৰাগতভাৱে চলি আছে।

ফটো: নৰ্থইষ্ট নাও।

আশ্ৰমত উদযাপিত কৰা দৌল উৎসৱৰ আটাইতকৈ মনোৰম দৃশ্যাৱলী হৈছে আৰিয়া প্ৰজ্বলন।মাটিৰ পাত্ৰত আৰিয়া প্ৰজ্বলন সমগ্ৰ অঞ্চলটোত সৰ্বজনবিদিত। অসমৰ বিভিন্ন ঠাইৰ ভক্তই ভিৰ কৰে এই কাৰ্যসূচীত।

শিল সহকাৰে আশ্ৰমখনৰ সৌন্দৰ্য বৰ্ধনত সহায় কৰিছে গছ বিৰিখে। আশ্ৰম খনৰ চাৰিও ফালে মানুহৰ বসতি।এই আশ্ৰমক কেন্দ্ৰ কৰি বৰগাঁৱত সৃষ্টি হ’ল বৰশিল হাইস্কুল, সৰিকত বৰগাঁও মিলন মধ্য ইংৰাজী বিদ্যালয়, বৰশিল গাঁও পঞ্চায়ত আদিকে ধৰি কেইবাটাও ৰাজহুৱা অনুষ্ঠান।শিলটো যিহেতু ওঠৰ শতিকাৰ আৰম্ভণিতে সৃষ্টি হৈছিল শিলটোৰ বয়স প্ৰায় ২০০ বছৰ বুলি অনুমান কৰিব পাৰি ।

লগতে পঢ়ক: ৰাছিয়াৰ ৰকেট আক্ৰমণত নিহত ইউক্ৰেইনৰ জনপ্ৰিয় অভিনেত্ৰী ওকছানা শভেটছ

বৰগাওঁৰ বৰশিল আশ্ৰমত আজিৰে পৰা উদযাপিত হৈছে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। বৰশিল আশ্ৰম পৰিচালনা সমিতিৰ উদ্যোগত বিগত বছৰকেইটিৰ দৰে এই বেলিও দেৱ চিহ্ন সম্বলিত শিলা খণ্ড শ্ৰী শ্ৰী বৰশিল  আশ্ৰমত বৰগাঁও আৰু নিকটৱৰ্তী আঞ্চলিক ৰাইজে মিলি অনুষ্ঠিত কৰা  আৰিয়া প্ৰজ্বলন কাৰ্যসূচীত আজি প্ৰায় হাজাৰৰো অধিক ভক্তই ভিৰ কৰে। দূৰ-দূৰণিৰ পৰা যুৱতী-মহিলাই একেলগে বহি আৰিয়া প্ৰজ্বলনত অংশ লয়। উক্ত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে দেৱালয় সংঘৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই।