NORTHEAST NOW (Assamese)

বৰপেটাত হোলীগীত সমাৰোহ : আকাশে বতাহে হোলীগীতৰ ধ্বনি

March 2, 2020 4:40 pm · পুলেন্দ্র দাস
বৰপেটাত হোলীগীত সমাৰোহৰ এটা মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

বৰপেটাবাসীৰ প্ৰাণৰো প্ৰাণ দৌল উৎসৱলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী। দৌল উৎসৱৰ অন্যতম অৱদান হোলীগীত ৷ বৰপেটাৰ আকাশে বতাহে এতিয়া হোলীগীতৰ ধ্বনি ৷

দক্ষিণ বৰপেটা শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যানত দেওবাৰে অনুষ্ঠিত হয় দ্বিতীয় সংখ্যক নবীন-প্ৰবীন শিল্পীৰ হোলীগীত সমাৰোহ।

নিশা এই হোলীগীত সমাৰোহত প্ৰমথৰঞ্জন দাসক প্ৰদান কৰা হয় অতুল চন্দ্ৰ গোস্বামী সোঁৱৰণি হোলী সাধক বঁটা ৷

হোলীগীতৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা প্ৰমথৰঞ্জন দাসক বঁটাৰ লগতে ফুলাম গামোচা, চেলেং, মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয় ৷

বঁটা প্ৰদান অনুষ্ঠানত সংগীত শিল্পী বিদ্যাসাগৰৰ লগতে অতুল চন্দ্ৰ গোস্বামীৰ পত্নী অনিমা গোস্বামী আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে উদ্বোধন কৰা এই হোলীগীত সমাৰোহত বন্তি প্ৰজ্বলন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷

এই হোলীগীত সমাৰোহত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা, হোলীগীতৰ প্ৰবীন শিল্পী হৰিদেৱ পাঠক, নকুল দাস, গুণীন্দ্ৰ নাথ ওজাৰ লগতে অইন প্ৰবীন শিল্পী আৰু কেইবাটাও শিশু শিল্পীৰ দলে হোলীগীত পৰিবেশন কৰে ৷

Related News