• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰে যদি সত্ৰৰ বেদখল উচ্ছেদ কৰিব নোৱাৰে তেন্তে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰি আমাক দিয়ক দায়িত্ব : আহোম সেনা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 29, 2019 7:58 am
Ahom Sena

ফটো : নৰ্থ-ইষ্ট নাও

421
VIEWS
Share on FacebookShare on Twitter

যদি গৃহ বিভাগে অনুপ্ৰৱেশ ৰোধ কৰিব নোৱাৰে,  অবৈধ বাংলাদেশীক উচ্ছেদ কৰিব নোৱাৰে তেন্তে আহোম সেনাক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত কৰি দায়িত্ব অৰ্পন কৰক। চৰকাৰে কৰিব নোৱাৰা কাম আহোম সেনাই কম সময়ৰ ভিতৰতেই সম্পন্ন কৰিব। এই মন্তব্য সংগঠনটোৰ কেন্দ্ৰীয় নেতা অংকুৰণ ফুকনৰ।

তেওঁ লগতে ৰাজ্য চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, ‘মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আহিছে বাংলাদেশী মুছলমানে বেদখল কৰিছে সত্ৰৰ মাটি। যদি বেদখল কৰিছেই তেন্তে কিয় বিজেপি নেতৃত্বধীন চৰকাৰৰ গৃহ বিভাগে উচ্ছেদ কৰিব পৰা নাই’।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন দি অতীতৰে পৰা চলি অহা অসমৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিক ধ্বংস কৰিব বিচৰা কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

‘অসম চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচাৰিলে পৰিণাম হ’ব ভয়ানক’ এইদৰে সকীয়াই সংগঠনটোৰ কেন্দ্ৰীয় নেতা অংকুৰণ ফুকনে।

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ২৮ জানুৱাৰিত আহোম সেনাৰ কেন্দ্ৰীয় সমিতিয়ে দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

আনহাতে সংগঠনটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষ শব্দ থকা পৃষ্ঠাটোৰ জেৰক্স কৰি আৰু মুখ্য মন্ত্ৰীলৈ অসম বুৰঞ্জীৰ মানৰ আক্ৰমণৰ সময়ৰ পৃষ্ঠা কেইটাৰ জেৰক্স কপি আজি শিৱসাগৰৰ মুখ্য ডাকঘৰৰ পৰা ডাক যোগে প্ৰেৰণ কৰে।

সংগঠনটোৱে ৰাজনাথ সিঙক উদ্দেশ্যি কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী হওঁতে তেওঁ সংবিধানৰ শপত বাক্য লৈ দেশ সেৱাত ব্ৰতী হোৱাৰ কথা কৈছিল। কিন্তু সংবিধানত উল্লেখ থকা ধৰ্মনিৰপেক্ষতাক অৱজ্ঞা কৰি বিদেশীক ধৰ্মৰ নামত সংস্থাপন দি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে। সেয়ে তেওঁ সংবিধানৰ পৃষ্ঠা সমূহ অধ্যয়ন কৰাৰ প্ৰয়োজন।

ঠিক একেদৰে অসমৰ মুখ্য মন্ত্ৰীয়েও বুৰঞ্জীত লিপিবদ্ধ মানে অসম আক্ৰমণ কৰা পৃষ্ঠা সমূহ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি সেই পৃষ্ঠা সমূহৰ জেৰক্স কপি তেওঁলৈ প্ৰেৰণ কৰা বুলি সংগঠনটোৱে জনায়।

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd