NORTHEAST NOW (Assamese)

চৰকাৰে যদি সত্ৰৰ বেদখল উচ্ছেদ কৰিব নোৱাৰে তেন্তে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰি আমাক দিয়ক দায়িত্ব : আহোম সেনা

January 29, 2019 7:58 am · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

যদি গৃহ বিভাগে অনুপ্ৰৱেশ ৰোধ কৰিব নোৱাৰে,  অবৈধ বাংলাদেশীক উচ্ছেদ কৰিব নোৱাৰে তেন্তে আহোম সেনাক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত কৰি দায়িত্ব অৰ্পন কৰক। চৰকাৰে কৰিব নোৱাৰা কাম আহোম সেনাই কম সময়ৰ ভিতৰতেই সম্পন্ন কৰিব। এই মন্তব্য সংগঠনটোৰ কেন্দ্ৰীয় নেতা অংকুৰণ ফুকনৰ।

তেওঁ লগতে ৰাজ্য চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, ‘মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আহিছে বাংলাদেশী মুছলমানে বেদখল কৰিছে সত্ৰৰ মাটি। যদি বেদখল কৰিছেই তেন্তে কিয় বিজেপি নেতৃত্বধীন চৰকাৰৰ গৃহ বিভাগে উচ্ছেদ কৰিব পৰা নাই’।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন দি অতীতৰে পৰা চলি অহা অসমৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিক ধ্বংস কৰিব বিচৰা কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

‘অসম চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচাৰিলে পৰিণাম হ’ব ভয়ানক’ এইদৰে সকীয়াই সংগঠনটোৰ কেন্দ্ৰীয় নেতা অংকুৰণ ফুকনে।

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ২৮ জানুৱাৰিত আহোম সেনাৰ কেন্দ্ৰীয় সমিতিয়ে দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

আনহাতে সংগঠনটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষ শব্দ থকা পৃষ্ঠাটোৰ জেৰক্স কৰি আৰু মুখ্য মন্ত্ৰীলৈ অসম বুৰঞ্জীৰ মানৰ আক্ৰমণৰ সময়ৰ পৃষ্ঠা কেইটাৰ জেৰক্স কপি আজি শিৱসাগৰৰ মুখ্য ডাকঘৰৰ পৰা ডাক যোগে প্ৰেৰণ কৰে।

সংগঠনটোৱে ৰাজনাথ সিঙক উদ্দেশ্যি কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী হওঁতে তেওঁ সংবিধানৰ শপত বাক্য লৈ দেশ সেৱাত ব্ৰতী হোৱাৰ কথা কৈছিল। কিন্তু সংবিধানত উল্লেখ থকা ধৰ্মনিৰপেক্ষতাক অৱজ্ঞা কৰি বিদেশীক ধৰ্মৰ নামত সংস্থাপন দি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে। সেয়ে তেওঁ সংবিধানৰ পৃষ্ঠা সমূহ অধ্যয়ন কৰাৰ প্ৰয়োজন।

ঠিক একেদৰে অসমৰ মুখ্য মন্ত্ৰীয়েও বুৰঞ্জীত লিপিবদ্ধ মানে অসম আক্ৰমণ কৰা পৃষ্ঠা সমূহ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি সেই পৃষ্ঠা সমূহৰ জেৰক্স কপি তেওঁলৈ প্ৰেৰণ কৰা বুলি সংগঠনটোৱে জনায়।

Related News