চাকৰি নিয়মীয়াকৰণৰ দাবীত দিচপুৰত সদৌ অসম গৃহৰক্ষী কৰ্মীৰ ‘গণ অৱস্থান’

সদৌ অসম গৃহৰক্ষী কৰ্মীৰ প্ৰতিবাদত আজি কঁপিল দিচপুৰৰ লাষ্টগেট। ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী বাহিনীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আজি দিচপুৰ লাষ্টগেটত সদৌ অসম গৃহৰক্ষী কৰ্মীয়ে গণ অৱস্থান ধৰ্ণা কাৰ্যসূচী পালন কৰে।

নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মৃল্যবৃদ্ধিয়ে সকলোকে জুৰুলা কৰা সময়ত গৃহৰক্ষী কৰ্মীসকলে মাত্ৰ ৯ হাজাৰ (থানা সমূহত) আৰু ৯৪৫০ (উদ্যোগ সমূহত) বেতন পাই।

ফলত আজি দিচপুৰ লাষ্টগেটত গৃহৰক্ষী কৰ্মীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰী সকলে দুপৰীয়াৰ ভগত ১.৩০ বজাৰ ভিতৰত যদি কোনো চৰকাৰী বিষয়া আহি প্ৰতিবাদস্থলীত উপস্থিত নহয় তেন্তে তেওঁলোকে আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ আগবাঢ়ি যাব বুলি ঘোষণা কৰে।

আৰু এটা সময়ত গৃহৰক্ষী কৰ্মীসকলৰ প্ৰতিবাদে চৰমসীমা অতিক্ৰম কৰি আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ উদ্যত হয়।

অৱশ্যে শেষত যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায় প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক বুজনি দিয়াতহে প্ৰতিবাদকাৰীসকল শান্ত হয়।

প্ৰতিবাদকাৰীসকলে যুটীয়া আয়ুক্তৰ জৰিয়তে বিধানসভাৰ অধক্ষ্য হিতেন্দ্ৰ নাথ গোস্বামীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সদৌ অসম গৃহৰক্ষী বাহিনীৰ সভাপতি অনন্ত দাসে কয় যে, ‘আজি এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ অসমৰ গৃহৰক্ষী বাহিনীৰ অসমৰ গৃহৰক্ষী বাহিনীৰ সমস্যাসমূহ লগতে ১৯৪৮ চনৰ গৃহৰক্ষী আইনখন সময়ৰ উপযোগী হোৱাকৈ সংশোধন কৰাই আমাক উপযুক্ত ন্যায় দিয়াৰ ব্যৱস্থা কৰাৰ আহ্বান জনালো।’

তাৰোপৰি নতুনকৈ আৰম্ভ কৰিব বিচৰা ছফটৱেৰ ব্যৱস্হাই বহু গৃহৰক্ষীক বিপদৰ ফালে ঠেলি দিছে বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰি অতি শীঘ্ৰে ইয়াৰ সংশোধন ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।