NORTHEAST NOW (Assamese)

আপোনাৰো আছে নেকি পাইলছৰ সমস্যা? এইকেইটা ঘৰুৱা উপায়েৰে দূৰ কৰক মলদ্বাৰৰ যন্ত্ৰণা

May 19, 2024 8:11 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 19, 2024 8:21 pm

দীৰ্ঘদিন ধৰি কোষ্ঠকানিষ্ঠ্যত ভুগি থাকিলে সেই সমস্যাই ধাৰণ কৰে এক ভয়ংকৰ ৰোগ। সেই ৰোগৰ নামেই পাইলছ। এই ৰোগৰ যন্ত্ৰণা কিমান সেয়া কেৱল আক্ৰান্ত ৰোগীয়েহে অনুভৱ কৰিব পাৰে।

মূলতঃ ভুল খাদ্যাভ্যাস আৰু এলেহুৱা জীৱনশৈলীৰ বাবে পাইলৰ আশংকা বৃদ্ধি পায়। পাইলৰ ফলত মলদ্বাৰত জ্বলাপোৰা হয়। মলদ্বাৰত প্ৰচণ্ড বিষ হোৱাৰ লগতে তেজো ওলাবলৈ ধৰে। শৌচ কৰাতো অতি পীড়াদায়ক হৈ পৰে।

সাধাৰণ চিকিৎসাৰ উপৰিও জীৱনশৈলীৰ প্ৰতি সচেতন হ’লে পাইলৰ পৰা ৰক্ষা পাব পাৰি।

সেয়ে আজি পাইলছ ৰোগী সকলৰ বাবে লৈ আহিছোঁ কেইটামান ঘৰুৱা দিহা –

শৰীৰত আঁহ বা ফাইবাৰৰ অভাৱ হ’লে মল ত্যাগ কৰাতো কঠিন হৈ পৰে। ফলত কোষ্ঠকাঠিন্য আৰু পাইলৰ সমস্যা বাঢ়ি যায়। গতিকে দৈনিক আহঁযুক্ত খাব লাগে। যিয়ে মলত্যাগত সহায় কৰে।

এলোভেৰা: এলোভেৰা কেৱল ছালৰ যত্নৰ বাবে নহয়। এলোভেৰাই পাইলৰ সমস্যা দূৰ কৰাতো সহায় কৰে। এলোভেৰাত জ্বলাপোৰা নিবাৰণকাৰী গুণ থাকে, যিয়ে অন্ত্ৰৰ জ্বলাপোৱা হ্ৰাস কৰাত সহায় কৰে। পায়ুপথত এলোভেৰাৰ জেল লগালে জ্বলাপোৰা সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। পেট পৰিষ্কাৰ কৰিবলৈ এলোভেৰাৰ ৰসো খাব পাৰে।

পাইলৰ দ্বাৰা আক্ৰান্ত হ’লে মল পাৰ হ’বলৈ যথেষ্ট অসুবিধা হয়। গুহ্যদ্বাৰত তীব্ৰ বিষ আৰু পোৰণি হয়। এই বিষ কম কৰিবলৈ এখন বৰফৰ টুকুৰা টাৱেল এখনেৰে মেৰিয়াই দিনটোত কমেও ১৫ মিনিট সময় পায়ুপথত লগাব লাগে। এনে কৰিলে পোৰণি কমি যায়।

ভুল খাদ্যাভ্যাসৰ বাবে পাইলছ সমস্যা বাঢ়ে। গতিকে খোৱা-বোৱা খোৱাৰ ক্ষেত্ৰত সচেতন হ’ব লাগে। কোষ্ঠকাঠিন্য আৰু পাইলৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আঁহযুক্ত খাদ্য হিচাপে শাক-পাচলি, ফল-মূল আৰু গোটা শস্য খাব পাৰে।

Related News