প্ৰতীক্ষাৰ অন্ত পেলাই মুকলি Honda Activa 6G; চাওক দাম আৰু সুবিধাৰ বিষয়ে

Honda-Activa

হোণ্ডা এক্টিভা

বিগত বহু বছৰ ধৰি স্কুটাৰৰ মাৰ্কেটত Honda Activa-ই নিজৰ ৰাজত্ব প্ৰমাণ কৰি আহিছে।

গ্ৰাহকৰ প্ৰতীক্ষাৰ অন্ত পেলাই বুধবাৰে হোণ্ডাই গাড়ী বজাৰত ইয়াৰ Activa 6G সংস্কৰণ মুকলি কৰে।

হোণ্ডা Activa 6G-ৰ প্ৰাৰম্ভিক বজাৰ মূল্য ৬৩,০০০ টকা হ’ব বুলি জানিব পৰা গৈছে আৰু বাহনখন ষ্টেণ্ডাৰ্ড আৰু ডিলাক্স দুটা ৰূপত উপলব্ধ হ’ব।

তথ্য অনুসৰি হোণ্ডা Activa 6G-ত বি এছ৬ কম্লাইণ্ট ইঞ্জিন উপলব্ধ হ’ব। ইয়াৰ উপৰিও Activa 6G-ত বহু আপডেট সুবিধা সংযোগ কৰা হৈছে।

দেখাৰ ফালৰ পৰা চাবলৈ গ’লে Activa 6G-ত নতুন এল ই ডি হেডলাইট, এল ই ডি ডি আৰ এল, নতুন বডী গ্ৰাফিক্স, ১২ ইঞ্চিৰ হুইল আদিৰ আকৰ্ষণীয় ৰূপত প্ৰয়োগ ঘটোৱা হৈছে।

ইয়াৰোপৰি, হোণ্ডা Activa 6G-ত ব্লুটুথ স্মাৰ্টফোন কানেক্টেভিটি, ইন্ধন ইনজেকশ্যন প্ৰযুক্তি আদি উপলব্ধ হ’ব।

হোণ্ডা Activa 6G-ৰ ইঞ্জিন ১০৯ চিচিৰ হ’ব আৰু ইয়াৰ ৬জি ইঞ্জিন ৮,০০০ আৰ পি এমত ৭.৬৮ বিএইচপি ক্ষমতা আৰু ৫,২৫০ আৰ পি এমত ৮.৭৯ এন এম সৰ্বোচ্চ টঁৰ্ক উৎপন্ন কৰিবলৈ সক্ষম হ’ব।

হোণ্ডা Activa 6G-ই Activa 5G-ৰ স্থলাভিষিক্ত হ’ব। ইয়াৰ পূৰ্বেও হোণ্ডা Activa 3G, Activa 4G মডেল বজাৰত মুকলি কৰিছিল।