হনিমুন কৰিবলৈ গৈ বিদেশৰ জে’লত সোমাল এইহাল ভাৰতীয় দম্পতি, কিন্তু কিয়?

লগতে ভৰিব লাগিব ১ কোটি টকাৰ জৰিমনা

a news

বিয়াৰ পিছতে দেশৰ ভিতৰতে হওঁক বা বিদেশতে হওঁক হনিমুনলৈ যোৱাৰ ইচ্ছা প্ৰায় ভাগ নৱ দম্পতিৰে থাকে।

ইয়াৰ ব্যতিক্ৰম ঘটা নাছিল মুম্বাইৰ দম্পতি অনিবা আৰু ছাৰিকৰ ক্ষেত্ৰতো।

কিন্তু নানান  অসুবিধাৰ বাবে তেওঁলোকে হনিমুনলৈ যাব পৰা নাছিল।

এদিন হঠাতে তেওঁলোকলৈ বিনামূলীয়া হনিমুনৰ প্ৰস্তাৱ আগবঢ়ালে তেওঁলোকৰেই এজন সম্পৰ্কীয় ব্যক্তি তবাচ্চাম ৰিয়াজ কুৰেশ্বিয়ে।

ঠিক কৰা হ’ল তেওঁলোকে হনিমুনৰ বাবে যাব মধ্যপ্ৰাচ্যৰ কাটাৰলৈ।

সেইমৰ্মে আত্মীয় লোক জনে দিয়া টিকটেৰে ২০১৯ চনৰ ৬ জুলাইত দম্পতি হালে যাত্ৰা কৰিলে কাটাৰলৈ।

কিন্তু কাটাৰৰ হামাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যেন তেওঁলোকৰ বাবে বিপদে চোপ লৈ আছিল।

বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে নিৰাপত্তা কৰ্মীয়ে তেওঁলোকৰ বেগত তালাচী চলাই উদ্ধাৰ কৰে ৪ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছ হাছিছ।

সেই ড্ৰাগছ খিনি জানি শুনি তেওঁলোকে বেগত  অনা নাছিল।

তেওঁলোকৰ আত্মীয় কুৰেশ্বীয়ে সেয়া ডোহাত থকা এজন বন্ধুলৈ প্ৰেৰণ কৰা ধঁপাত বুলিহে তেওঁলোকক কৈ পঠিয়াইছিল।

ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছতে দম্পতিহালক লৈ যোৱা হয় আদালতলৈ।

আদালতে তেওঁলোকক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১ কোটি টকাৰ জৰিমনাও বিহে।

বৰ্তমান কাটাৰৰ কাৰাগাৰত এবছৰৰো অধিক সময় কটোৱা এইহাল দম্পতিৰ কথা শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ কাণত পৰিছে।

তেওঁলোকে যে আত্মীয়ৰ ষড়যন্ত্ৰৰ বলি হৈ এনেদৰে শাস্তি ভোগ কৰিবলগীয়া হৈছে সেই কথাত পতিয়ন গৈ দম্পতিহালক কিদৰে উদ্ধাৰ কৰিব পাৰি সেই বিষয়ত চিন্তা-চৰ্চা আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে।

আৰক্ষীয়ে ইতিমধ্যে কুৰেশ্বীক গ্ৰেপ্তাৰো কৰিছে।