NORTHEAST NOW (Assamese)

সকলো বাধা নেওচি ক’ভিড কেন্দ্ৰতে বাকদত্তাৰ স’তে বিয়াত বহিল এজন ক’ভিড ৰোগী, ক’ত?

April 25, 2021 6:55 pm · এন ই নাও নিউজ

বিবাহানুষ্ঠানলৈ পৰ্যবসিত হ’ল এখন চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড কেন্দ্ৰ।

যুগ্মজীৱনৰ আৰম্ভণি কৰিলে এগৰাকী ক’ভিড ৰোগীয়ে।

মহামাৰিৰ দুঃখবৰৰ মাজতে কেৰেলাত সংঘটিত হৈছে এই ঘটনা।

ৰাজ্যখনৰ আলাপ্পুঝা চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডত সৰথ মন আৰু অভিৰামী নামৰ প্ৰণয়প্ৰাৰ্থী দুগৰাকীৰ মাজত বিবাহ সম্পন্ন হৈ যায়।

বিবাহ অনুষ্ঠানটোত কইনা অভিৰামীক পিপিই কিট পৰিধান কৰা দেখা যায়।

দুয়োগৰাকী আলাপ্পুঝাৰ কইনাকাৰি অঞ্চলৰ বাসিন্দা।

তেওঁলোক বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল যদিও কিছুদিনৰ পূৰ্বে দৰা সৰথ মনৰ ক’ভিড পজিটিভ ধৰা পৰে।

বৃত্তি অনুযায়ী সৰথে বিদেশত থাকে।

ঘৰলৈ আহি নিজৰ বিয়াৰ বাবে প্ৰস্তুতি চলাই থকাৰ অৱস্থাতে তেওঁ ক’ভিডত আক্ৰান্ত হয়।

পাছত তেওঁৰ মাতৃৰো ক’ভিড পজিটিভ ধৰা পৰে।

দুয়োকে আলাপ্পুঝা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

সকলো বাধা বিঘিনি নেওচি পৰিয়াল আৰু আত্মীয়ই তেওঁলোকৰ বিয়াৰ নিৰ্ধাৰিত তাৰিখমতেই বিবাহ সম্প্ন্ন কৰিবলৈ সিদ্ধান্ত লয়।

সেই অনুসৰি জিলা উপায়ুক্ত আৰু অন্যান্য প্ৰশাসনিক অনুমতিসহ ২৫ এপ্ৰিল তাৰিখে বিবাহ অনু্ষ্ঠান সম্পন্ন হৈ যায়।

বিবাহত উপস্থিত থকা সকলো আত্মীয়ই পিপিই কিট পৰিধান কৰে।

Related News