শিলচৰত নিৰ্বাচনী হিংসা: দিলীপ কুমাৰ পালৰ নিৰ্বাচনী এজেণ্টৰ ঘৰত নিশা দুৰ্বৃত্তৰ আক্ৰমণ

Dilip-Kumar-Paul-1-750x375

শিলচৰত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী বতাহ।

বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে থিয় দিয়া গেৰুৱা দলটোৰ এগৰাকী পুৰণি কৰ্মী তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পালৰ নিৰ্বাচনী এজেণ্টৰ বাসভৱনত এইবাৰ চলিল আক্ৰমণ।

শিলচৰ সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থী দ্বৈপায়ন চক্ৰৱৰ্তীৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হিচাবে থিয় দিয়া দিলীপ কুমাৰ পালৰ নিৰ্বাচনী এজেণ্ট বাবু সিঙৰ বাসভৱনত যোৱা নিশা দুৰ্বৃত্তিই ধাৰাসাৰ শিলাবৰ্ষণ কৰে।

পেছাত অধিবক্তা নিৰ্বাচনী এজেণ্ট বাবু সিঙৰ বাসভৱনটো শিলাবৰ্ষণৰ ফলত ব্যিাপক ভাবে ক্ষতিগ্ৰস্ত হয়।

আক্ৰমণ সংঘটিত হোৱাৰ সময়ত বাবু সিঙৰ ঘৰত কোনো পুৰুষ সদস্য উপস্থিত নাছিল।

আক্ৰমণৰ ঘটনাটোক গৰিহণা দি ফেচবুকত দিলীপ কুমাৰ পালে এইবুলি লিখিছে যে শিলচৰত পুনৰ পূৰ্বৰ সেই সন্ত্ৰাসময় দিনবোৰ উভতি আহিল নেকি?

উল্লেখ্য  বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰাৰ পিছতে গেৰুৱা দলটোৰ এগৰাকী নিষ্ঠাবান পুৰণি কৰ্মী তথা শিলচৰ সমষ্টিৰ বিধায়ক দিলীপ কুমাৰ পালে  বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।

সোণোৱাল চৰকাৰৰ দিনতে অসম বিধানসভাৰ উপাধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰা দিলীপ কুমাৰ পালে ২০১৮ চনৰ ৮ মে’ত উক্ত পদৰ পৰা পদত্যাগ কৰিছিল।

এনআৰচি প্ৰসংগত দলৰ একাংশ শীৰ্ষ নেতাৰ সৈতে মতবিৰোধ হোৱাৰ বাবেই তেওঁ বিধানসভাৰ উপাধ্যক্ষৰ পদ এৰিছিল।

শিলচৰ সমষ্টিত পালক বঞ্চিত কৰি বিজেপিয়ে প্ৰক্ষেপ কৰিলে দ্বিপায়ন চক্ৰৱৰ্তীক।

এই কথাতে আশাহত হৈ  দল ত্যাগ কৰা পালে শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাবে থিয় দিছে।

ফলত দ্বৈপায়ন চক্ৰৱৰ্তীৰ নিৰ্বাচনী অংকত আউল লগা পৰিলক্ষিত হৈছে।