NORTHEAST NOW (Assamese)

সন্ত্ৰাসবাদীৰ বাবে শূন্য সহনশীল ভাৰত! কাশ্মীৰত ভাঙি গুৰি কৰি দিলে আৰু ৩ লস্কৰ উগ্ৰপন্থীৰ ঘৰ

April 26, 2025 9:36 am · এন ই নাও নিউজ, গুৱাহাটী

কাশ্মীৰৰ পেহেলগামত নিৰীহ পৰ্যটকক হত্যা কৰাৰ মূল অভিযুক্ত লস্কৰ-ই-তৈবা উগ্ৰপন্থী আছিফ শ্বেখ আৰু আদিল হুছেইন থোকাৰৰ ঘৰ বৃহস্পতিবাৰে নিশাই ভাঙি গুৰি কৰি দিছিল সেনাই। এইবাৰ আৰু তিনিজন লস্কৰ উগ্ৰপন্থীৰ ঘৰ ভাঙি পেলোৱা হৈছে।

সেনাৰ সূত্ৰ অনুসৰি পুলৱাম, কুলগাম আৰু শ্বোপিয়ানত থকা তিনিজন উগ্ৰপন্থী জাকিৰ আহমেদ, এহছান উল শ্বেখ আৰু আদিল গুৰিৰ ঘৰ ভাঙি পেলোৱা হৈছে।

সেনাৰ সূত্ৰ অনুসৰি লস্কৰ উগ্ৰপন্থী এহছান শ্বেখৰ ঘৰ জম্মু-কাশ্মীৰৰ মুৰাণত আছিল। শুকুৰবাৰে নিশা ভাঙি পেলোৱা হয় ঘৰ। পিছত আৰু দুজন উগ্ৰপন্থীৰ ঘৰ ভাঙি পেলোৱা হয়। সেনাৰ সূত্ৰই জনোৱা মতে, পেহেলগামত পৰ্যটকৰ হত্যাকাণ্ডতো তেওঁলোক জড়িত হৈ আছিল।

এই সন্দৰ্ভত সেনাই উল্লেখ কৰিছে যে মূল উদ্দেশ্য কেৱল সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰাই নহয়, তেওঁলোকক গ্ৰেপ্তাৰ কৰাও। সেই উদ্দেশ্যে অভিযান অব্যাহত আছে।

যোৱা মঙলবাৰে কাশ্মীৰৰ পেহেলগামত উগ্ৰপন্থীয়ে ২৬জন পৰ্যটকক হত্যা কৰিছিল। তেতিয়াৰ পৰাই সেনাই উপত্যকাটো জুৰি নিশ্চিদ্ৰ তালাচী চলাই আহিছে। বৃহস্পতিবাৰৰ পিছত শুকুৰবাৰে নিশাও এলঅ’চিত অব্যাহত আছে গুলীয়াগুলি। সামগ্ৰিকভাৱে সমগ্ৰ উপত্যকাটোত উত্তেজনা বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সেনাই আছিফ শ্বেখ আৰু আদিল হুছেইন নামৰ দুজন উগ্ৰপন্থীৰ ঘৰ ভাঙি পেলায়। জানিব পৰা মতে আদিল হুছেইন থোকাৰ অনন্তনাগ জিলাৰ বিজবেহাৰা ব্লকৰ বাসিন্দা। পেহেলগাম আক্ৰমণৰ অন্যতম মূল অভিযুক্ত হিচাপেও তেওঁৰ নাম উচ্চাৰিত হৈছে। এই আক্ৰমণৰ সন্দৰ্ভত আৰক্ষীয়ে তেওঁক ‘মষ্ট ৱাণ্টেড’ তালিকাত স্থান দিছে আৰু তেওঁক বিচাৰি পালে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

জনা যায় যে আদিল থোকাৰে ২০১৮ চনত পাকিস্তানলৈ গৈ তাত উগ্ৰপন্থী প্ৰশিক্ষণ লৈছিল। ইয়াৰ পিছত যোৱা বছৰ জম্মু-কাশ্মীৰলৈ উভতি আহি পাকিস্তানী উগ্ৰপন্থীৰ বাবে স্থানীয় গাইড হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা মতে, সেইদিনা পেহেলগামত আক্ৰমণ কৰা উগ্ৰপন্থীসকল সু-প্ৰশিক্ষিত আৰু যুদ্ধৰ বাবে সাজু আছিল। থোকাৰে কাশ্মীৰত গাইড হিচাপে তেওঁলোকক সহায় কৰি আছিল।

আছিফ আৰু আদিলৰ বাহিৰেও তদন্তকাৰী সংস্থাটোৱে এই গোচৰত আৰু দুজন পাকিস্তানী উগ্ৰপন্থীক মষ্ট ৱাণ্টেড বুলি ঘোষণা কৰিছে। তেওঁলোক হ’ল হাছিম মুছা আৰু চুলেমান। যদিও তেওঁ পাকিস্তানী নাগৰিক, তথাপিও যোৱা এবছৰ ধৰি তেওঁ কাশ্মীৰত সক্ৰিয় হৈ আছে। তদন্তকাৰীৰ মতে, মুছা কাশ্মীৰত পূৰ্বৰ কমেও তিনিটা আক্ৰমণৰ সৈতে জড়িত আছিল। ইয়াৰ উপৰি আলী তালহাৰ নামো আছে। জানিব পৰা মতে প্ৰায় দুবছৰ ধৰি তেওঁ কাশ্মীৰ উপত্যকাত সক্ৰিয় হৈ আছে। মুছাৰ পিছত কাশ্মীৰলৈ আহি তেওঁ শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ ডাচিগাম বনাঞ্চলত লুকাই থাকি অভিযান চলাইছিল।

Related News