মানৱীয় প্ৰমূল্য! সম্পূৰ্ণ বিনামূলীয়াকৈ চেন্নাইত সম্পন্ন হ’ল পাকিস্তানী আয়েশাৰ হৃদযন্ত্ৰৰ সংৰোপণ

ভাৰতীয় সুহৃদ চিকিৎসকৰ তৎপৰতাত ৰক্ষা পৰিল এগৰাকী পাকিস্তানী যুৱতীৰ প্ৰাণ৷ ঘটনা অনুসৰি ১৯ বছৰীয়া আয়েশা ২০১৪ চনৰ পৰা বিভিন্ন হৃদৰোগত আক্ৰান্ত আছিল। ক্ৰমান্বয়ে হৃদযন্ত্ৰ বেয়া হ’বলৈ আৰম্ভ কৰে।তেতিয়া চিকিৎসকে আয়েশাক হৃদযন্ত্ৰ সংৰোপণৰ প্ৰয়োজনীতাৰ কথা পোষকতা কৰে। আয়েশাক কৃত্ৰিম হাৰ্ট পাম্পেও কাম কৰা নাছিল। ইয়াৰ পাছতে আয়েশাৰ পৰিয়ালে চেন্নাইৰ এম জি এম হেল্থকেয়াৰ হাস্পতালৰ সৈতে যোগাযোগ কৰে। চিকিৎসালয়খনৰ সঞ্চালক ডাঃ কে আৰ বালাকৃষ্ণন, সহ-পৰিচালক ড. সুৰেশ ৰাৱে আয়েশাক চেন্নাইলৈ মেডিকেল টেষ্টৰ বাবে যোগাযোগ কৰে।

আয়েছাৰ জন্ম ভাৰতত যদিও ডাঙৰ-দীঘল কৰাচীত হৈছিল। পৰিয়ালৰ লোকৰ মতে, আয়েশাক কিছুদিন চেন্নাই চিকিৎসালয়ত ইচিএমঅ’ৰ সহায়ত ৰখা হৈছিল। ইচিএমঅ’ৰ অৰ্থ হ’ল ‘এক্সট্ৰা কৰ্পৰিয়েল মেমব্ৰেন অক্সিজেনেচন’ (ইচিএমঅ’) পদ্ধতি। ইয়াক ‘এক্সট্ৰা কৰ্প’ৰিয়েল লাইফ চাপৰ্ট’ (ECLS) বুলিও কোৱা হয়। হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ ৰোগত চিকিৎসকে এই পদ্ধতি প্ৰয়োগ কৰে। যেতিয়া উশাহ-নিশাহৰ সময়ত প্ৰাকৃতিকভাৱে শৰীৰত অক্সিজেন প্ৰৱেশ কৰিব নোৱাৰে, তেতিয়া ভেন্টিলেটৰৰ দৰে যান্ত্ৰিক পদ্ধতিয়ে কাম নকৰে, তেতিয়া কৃত্ৰিমভাৱে শৰীৰত অক্সিজেন প্ৰৱেশ কৰোৱা হয়।

চিকিৎসকে কয় যে আয়েশাৰ এটা ভালভ লিক হৈছে। সম্পূৰ্ণ হৃদযন্ত্ৰ সংৰোপণৰ বাহিৰে আন কোনো বিকল্প নাই। ইয়াৰ পাছত চিকিৎসালয়খনে হাৰ্ট ট্ৰান্সপ্লাণ্টৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰে। দিল্লীৰ পৰা অনা হৃদযন্ত্ৰটো সফলতাৰে অপাৰেচন কৰা হৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰায় ৩৫ লাখ টকা খৰচ হৈছিল। কিন্তু আয়েশাৰ পাৰিবাৰিক পৰিস্থিতি দেখি চেন্নাইৰ চিকিৎসকে সম্পূৰ্ণ বিনামূলীয়াকৈ হৃদযন্ত্ৰ সংৰোপণৰ অপাৰেচন কৰে।

উল্লেখ্য যে, অংগদানৰ নিদৰ্শন দেশত বাৰে বাৰে সৃষ্টি হৈছে। আনকি কৰ’না কালত শ শ বাধা অতিক্ৰম কৰিও দেশত অংগদানৰ নজিৰ সৃষ্টি হৈছিল। অৱশ্যে সীমান্তৰ সিপাৰে এনেধৰণৰ ঘটনা ইয়াৰ পূৰ্বে খুব কমেইহে সংঘটিত হোৱা দেখা গৈছে। আয়েশাৰ পৰিয়ালে কয় যে ভাৰতৰ চিকিৎসকসকল তেওঁলোকৰ বাবে ভগৱানৰ দৰে। জীৱনৰ আশা অলপ অলপকৈ শেষ হৈ গৈ থকা ছোৱালীজনীক চিকিৎসকে নতুন জীৱন দিলে।