‘ঈদ’ত বোমা দিবলৈ নিষিদ্ধ আলফা (স্বাঃ)ক কেনেকৈ প্ৰত্যাহ্বান জনাব পাৰে বিজেপি বিধায়কে?

আলফা ১৯৯০ চনৰে পৰা ভাৰত ৰাষ্ট্ৰৰ নিষিদ্ধ ঘোষিত সংগঠন। পৰেশ বৰুৱাক তেওঁলোকৰ নিজা পথেৰে অসমৰ স্বাধীনতাৰ বাবে যুঁজিবলৈ ভাৰতীয় সংবিধানে নিয়োগ কৰা নাই। আৰু তাৰ বিপৰীতে শিলাদিত্য দেব ভাৰতৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা এজন নিৰ্বাচিত জনপ্ৰতিনিধি।

siladitya dev Assam NRC includes names of declared foreigners, claims BJP MLA Shiladitya Dev

শিলাদিত্য দেব। ফটো- ফে’চবুকৰ পৰা।

আলফা (স্বাঃ)এ গুৱাহাটীত শনিবাৰে কৰা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঈদত অসমৰ ধুবুৰী, বৰপেটা আদি জিলাত বোমা ফুটুৱাৰ বাবে পৰেশ বৰুৱাক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ বিধায়ক শিলাদিত্য দেবে।

এন আৰ চি, নাগৰিকত্ব বিধেয়ক আদি বিভিন্ন বিষয়ত ধাৰাৱাহিকভাৱে প্ৰৰোচনামূলক বক্তব্যৰে বিতৰ্কৰ সূচনা কৰি অহা হোজাইৰ বিধায়কজনে গুৱাহাটীৰ বিস্ফোৰণটোক লৈয়ো হিন্দু-মুছলমানৰ বিভাজন কৰিছে।

“হিন্দু সমাজৰ উৎসৱৰ আগত এনেধৰণৰ কাৰ্য্যকলাপে কি বুজায়? তাৰ মানে তেওঁ (পৰেশ বৰুৱা) হিন্দু নহয়। তেওঁ পাৰিব নেকি ঈদৰ আগত তেনেকুৱা ধৰণৰ কাৰ্য্যকলাপ কৰিবলৈ? তেওঁৰ সাহস হ’বনে?” আলফা (স্বাঃ)ৰ বিস্ফোৰণক “তীব্ৰ ভাষাৰে গৰিহণা দি” পৰেশ বৰুৱাক দেওবাৰে ধুবুৰী আৱৰ্ত ভৱনৰ পৰা এই প্ৰত্যাহ্বান বিজেপি বিধায়কজনৰ।

আলফা (স্বাঃ)ৰ নেতাজন মুছলমান ৰাষ্ট্ৰ আৰু সংগঠনৰ কব্জাত বন্দী আৰু সেয়ে মুছলমান অধ্যুষিত বাবেই অসমৰ সেইকেইখন জিলাত বোমা ফুটুৱাটো পৰেশ বৰুৱাৰ বাবে সম্ভৱ নহয়– এই ধৰণৰ অতি প্ৰৰোচনামূলক মন্তব্যৰে সংখ্যাগৰিষ্ঠ হিন্দু বিশেষকৈ বাঙালী হিন্দুসকলৰ ৰক্ষাকৰ্তাৰূপে আনুগত্য পোৱাৰ যেন যৎপৰোনাস্তি চেষ্টা কৰিছে বিজেপিৰ বিধায়কজনে।

“তেওঁ পাৰিবনে কি ধুবুৰীৰ নিচিনা ঠাইত এটা ব’ম ব্লাষ্ট কৰাব? তেওঁ পাৰিব নেকি বৰপেটা আৰু গোৱালপাৰাত ব’ম ব্লাষ্ট কৰাবৰ কাৰণে? নোৱাৰিব কাৰণ তেওঁ এতিয়া মুছলিম ৰাষ্ট্ৰ, মুছলিম সংগঠনসকলৰ কবলত আছে,” মন্তব্য শিলাদিত্য দেবৰ।

পৰেশ বৰুৱাই যদি দুৰ্গা পূজা ‘উপলক্ষে’ বোমা ফুটুৱায়, সেয়া গৰিহণাযোগ্য; কিন্তু তাৰ অৰ্থ এইটো নেকি যে এজন জনপ্ৰতিনিধিয়ে (এটা ধৰ্মীয় উৎসৱত) বোমা ফুটাবলৈ নিষিদ্ধ সশস্ত্ৰ সংগঠন এটাক প্ৰত্যাহ্বান জনাব? তাৰ মানে বোমা ফুটাব লাগে নেকি?

আলফা ১৯৯০ চনৰ পৰা ভাৰত ৰাষ্ট্ৰৰ নিষিদ্ধ ঘোষিত সংগঠন। পৰেশ বৰুৱা ভাৰতীয় সংবিধানৰ শপত লৈ অসমৰ ‘স্বাধীনতা’ৰ ৰণলৈ ওলোৱা নাই। আৰু তাৰ বিপৰীতে শিলাদিত্য দেব ভাৰতৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা এজন নিৰ্বাচিত জনপ্ৰতিনিধি।

ই অসমৰ ৰাজনীতিৰো এক সংকট নহয়নে? বিজেপি নেতৃত্বাধীন এইখন কি চৰকাৰ চলিছে য’ত শাসকীয় দলৰ বিধায়ক এজনে বোমা ফুটাবলৈ প্ৰত্যাহ্বান জনায়?

ৰাষ্ট্ৰ-নিষিদ্ধ সংগঠন এটাক বোমা ফুটাবলৈ কেনেকৈ প্ৰত্যাহ্বান জনাব পাৰে এজন বিধায়কে?