মই লক্ষ্য কৰিছোঁ মানুহ সক্ৰিয় হৈ নাথাকিলে এসময়ত দেহ,মন মৰি যায়। বোধহয়, এই ক্ষেত্ৰত, কেইটামান কথা গুৰুত্বপূৰ্ণ।সক্ৰিয়তা মানে কি? মানসিক আৰু শাৰীৰিক সক্ৰিয়তা।মন আৰু শৰীৰ দুয়োটা সুস্থ হৈ নাথাকিলে আমি সন্তুলিতভাবে সুস্থ হৈ থাকিব নোৱাৰোঁ। শাৰীৰিকভাৱে অসুস্থ হৈ থাকিলেও মনৰে কিছু দূৰলৈ সক্ৰিয় হৈ থাকিব পাৰি। কিন্তু মন ভাগি পৰিলে শৰীৰেও নটনা হয়।শৰীৰ ভাগি পৰে। তেনেহ’লে মন ভালে ৰখাৰ উপায় কি? মন ভালে ৰখাৰ কোনো সহজ উপায় নাই। মন ভালে ৰখাৰ লগত সজ্ঞান কৰ্ম আৰু উচিত-অনুচিতৰ কথা আহে? নিজৰ দায়-দায়িত্বৰ কথা আহে। ব্যক্তিগত আৰু সামাজিক দায়-দায়িত্বৰ কথা আহে। ব্যক্তিগত কথাটো ইয়াত সামাজিক কথাটোতকৈ বেছি গুৰুত্বপূৰ্ণ।
কোনো এটা কাম মই কিয় কৰিম আৰু কিয় নকৰিম- সেই সম্পৰ্কে মই এটা বিবেকী সিদ্ধান্ত ল’ব পাৰিব লাগিব।এই বিবেকী সিদ্ধান্ত লোৱাটো কিন্তু ইমান সহজ নহয়।তাৰ লগত টকা-পইছা আৰু শাৰীৰিক কষ্টৰ কথাও জড়িত হৈ থাকে।কিন্তু তাতোকৈ ডাঙৰ কথা হ’ল সঠিক সিদ্ধান্ত ল’বলৈ আমাক যি কোনো বিষয় সম্পৰ্কে এক ধৰণৰ স্পষ্টতাৰ প্ৰয়োজন।কিছুমান বিষয় আমাৰ কাৰণে সহজ।কিন্তু আন কিছুমান জটিল।জটিল বিষয় সম্পৰ্কে আমি কেনেকৈ স্পষ্ট হ’ম? এইটো ইমান সহজ কথা নহয়।তাৰ কাৰণে আমাক লাগিব এক অবিৰত অনুসন্ধিৎসা।এইটোৱে হ’ল ডাঙৰ সমস্যা। অনুসন্ধিৎসাৰ এক নম্বৰ শত্ৰু কোন? মানসিক জড়তা।দুই/ এক ব্যতিক্ৰমৰ বাহিৰে, সাধাৰণতে, আমি সকলো, কম-বেছি পৰিমাণে এই মানসিক জড়তাৰ বলি। এই মানসিক জড়তাই আনি দিয়ে মানসিক বন্ধ্যাত্ব।ইয়াত মতাদৰ্শৰ প্ৰভাব আটাইতকৈ বেছি। একোটাহঁত মতাদৰ্শ এক বিশেষ ঐতিহাসিক পৰিস্থিতিৰ ফচল।তাক যদি আমি সমসাময়িক বাস্তৱতাৰ প্ৰত্যাহ্বানেৰে ধাৰ দি শানিত কৰি নাৰাখোঁ, সি এটা সময়ত এক গোড়ামী আৰু ধৰ্মীয় বিশ্বাসলৈ পৰ্যৱসিত হয়।সেইকাৰণেই বোধহয় কোনোবা এগৰাকী বিখ্যাত দাৰ্শনিকে কৈছিল ‘Every truth is born as heresy and dies as a dogma’ ।এই ক্ষেত্ৰত এটা কথা আমি মন কৰা উচিত। সেইটো হ’ল মতাদৰ্শ আৰু আদৰ্শ একে নহয়।আদৰ্শত কোনো অস্পষ্টতা থাকিব নালাগে। যেনে, গণতন্ত্ৰ, সামাজিক সমতা, ধৰ্মনিৰপেক্ষতা ইত্যাদি ইত্যাদি।আনহাতে মতাদৰ্শৰ উদাহৰণ হ’ল, মাৰ্ক্সবাদ, গান্ধীবাদ, সামাজ গণতন্ত্ৰ, হিন্দুত্ব, উগ্ৰজাতীয়তা ইত্যাদি ইত্যাদি।কোনটো মতাদৰ্শ শুদ্ধ কোনটো ভুল, সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন।আদৰ্শ আৰু মতাদৰ্শৰ মাজত কোনো সম্পৰ্ক নাই, সেইটোও নহয়।কিন্তু কিছুমান মতাদৰ্শ নেতিবাচক আৰু সংকীৰ্ণ। যেনে নাজিবাদ বা হিন্দুত্ব বা উগ্ৰজাতীয়তাবাদ।এইবোৰ অমানবীয়, সংকীৰ্ণ আৰু প্ৰতিক্ৰিয়াশীল মতবাদ বা মতাদৰ্শ।কিন্তু মাৰ্ক্সবাদ, যুক্তিবাদ, গান্ধীবাদ এইবোৰ হ’ল ইতিবাচক মতাদৰ্শ। আগতেই উল্লেখ কৰা হৈছে যে সমসাময়িক বাস্তৱতাৰ প্ৰত্যাহ্বানেৰে ধাৰ দি নাথাকিলে মতবাদ একোটা সময়ত ভোটা হৈ যায়। এতিয়া সেই ধাৰ দিয়া কামটো কোনে কৰিব? যি কোনো মানুহেতো কৰিব নোৱাৰে।সেইখিনিতে ব্যক্তিৰ ভূমিকা আহে।
আমি যিসকল মানুহক আমাৰ সমাজ আৰু সভ্যতাৰ পথ প্ৰদৰ্শক বুলি কওঁ তেওঁলোকেই সেই কামটো যুগে যুগে কৰি আহিছে।তেনে লোক, এজন বিজ্ঞানীও হ’ব পাৰে বা সমাজ সংস্কাৰকো হ’ব পাৰে বা ধৰ্মীয় গুৰুও হ’ব পাৰে।এই ক্ষেত্ৰত আমি মাৰ্ক্স আৰু গান্ধীৰো উদাহৰণ ল’ব পাৰোঁ। আমি শংকৰ দেৱৰো উদাহৰণ ল’ব পাৰোঁ।আৰু তেনে অনেক ব্যক্তি আছে।অৱশ্যে শংকৰদেৱক যিসকলে অৱতাৰী পুৰুষ বুলি ধৰে তেওঁলোকৰ কথা বেলেগ।এই বিশেষ ব্যক্তি সকলৰ প্ৰত্যেকেই কিন্তু ব্যক্তিসত্ত্বা আৰু সামাজিক সত্ত্বাৰ মাজত এক সমন্বয় ৰক্ষা কৰি চলিছিল।নিজৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানৰ লগত তেওঁলোকে আপোচ কৰা নাছিল।সাহসেৰে সেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।তেওঁলোকে কি কৰিছিল আমি দেখাই পাইছোঁ।
আৰু এটা কথা মই ক’ব বিচাৰিছোঁ।বিভিন্ন ইতিবাচক মতাদৰ্শৰ মাজত মিলন (convergence) সম্ভৱনে? এইটো এটা বিতৰ্কিত বিষয়।কিন্তু মই ভাবোঁ, সেইটো সম্ভৱ।পৃথিৱীত কোনো বস্তুৱেই কেতিয়াও সকলো সময়ৰ বাবে নিৰ্ভেজাল হৈ থাকিব নোৱাৰে।এইটো এটা প্ৰকৃতি বিৰুদ্ধ কথা।আদান- প্ৰদান, বিবৰ্তন এক স্বাভাবিক প্ৰক্ৰিয়া।কিন্তু মই যিটো কথাত গুৰুত্ব দিব বিচাৰিছোঁ, সেইটো হ’ল আমি মানসিক আৰু শাৰিৰীকভাৱে কেনেকৈ সক্ৰিয় হৈ থাকিব পাৰোঁ।মানসিকভাৱে সক্ৰিয় হৈ থাকিবলৈ হ’লে বোধহয় দুটা কথা আটাইতকৈ জৰুৰী। তাৰে এটা হ’ল সকলো কথাতে এটা আত্ম- সমালোচনামূলক আৰু নৈতিক অৱস্থান লোৱা আৰু আনটো হ’ল মই যিটো জানো বুলি ভাবোঁ, যিটো সঁচা বুলি ভাবোঁ তাৰ পৰিসৰ বহলোৱা।সেইটো বঢ়োৱাৰ উপায় হ’ল অধ্যয়ন, অনুসন্ধান, আৰু মোৰ বিপৰীত মত পোষণ কৰা মানুহৰ যুক্তিৰ প্ৰতি ধৈৰ্যশীল হোৱা।আৰু সততে নতুন নতুন ব্যক্তিৰ লগত নিজৰ মতামত ৰিজাই চোৱা।প্ৰয়োজনত নিজৰ অৱস্থান সলনি কৰিবলৈ সন্মত হোৱা।এতিয়া আহিল শাৰীৰিক সুস্থতাৰ কথাটো। সেইটো ইমান জটিল নহয় যদিহে আমি আমাৰ লোভ সম্বৰণ কৰিব পাৰোঁ, বাহিৰৰ আহাৰ বৰ্জন কৰোঁ,কৃত্ৰিম আহাৰৰ সলনি প্ৰাকৃতিক খাদ্য খাওঁ, নিয়মিতভাৱে ব্যায়াম কৰোঁ।কিন্তু সকলো মানুহ শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ আমাৰ সমাজত এক ধৰণৰ অৰ্থনৈতিক সমতা আৰু সামাজিক শান্তি অপৰিহাৰ্য। পিছে, তাৰ মাজতে, এই সামাজিক সীমাবদ্ধতা বোৰৰ মাজতে আমি আমাৰ শৰীৰ ঠিকে ৰাখিবলৈ চেষ্টা কৰি যাব লাগিব। নতুন বছৰটোত আপোনালোক সকলো মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকক তাকেই কামনা কৰিলোঁ।