আপুনি কেনেকৈ লাভ কৰিব ক’ৰ’ণা ভেকচিন? কেন্দ্ৰই কৰি আছে ব্যৱ্স্থা; পিছে কি এই ব্যৱস্থা?

Vaccine-1

সমগ্ৰ বিশ্বকে সন্ত্ৰাসিত কৰি ৰখা ক’ৰ’ণাৰ প্ৰতিৰোধী ভেকচিন কেতিয়া লাভ কৰিব তাৰ জল্পনা কল্পনা চলি থকাৰ মাজতে কেন্দ্ৰ চৰকাৰে ভেকচিনটো জনসাধাৰণৰ মাজত বিতৰণৰ বাবে ঠিকা আৱন্টনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিটো প্ৰান্তত ভেকচিনটো উপলব্ধ কৰি তুলিবলৈ বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে।

এই উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে এচএমএছ, কিউআৰ কোড, ডিজিটেল চাৰ্টিফিকেট ইত্যাদি সংযোগ কৰাত গুৰুত্ব আৰোপ কৰিছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে এই সকলোবোৰ তদাৰক কৰবিলৈ নীতি আয়োগৰ সদস্য ভি কে পালৰ নেতৃত্বত কেন্দ্ৰত ভেকচিন তদাৰকৰ বাবে এখন ৰাষ্ট্ৰীয় বিশেষজ্ঞ কমিটিও গঠন কৰি দিছে।

উল্লেখ্য যে ২০২১ বৰ্ষৰ প্ৰথম ভাগতে বিশ্বত কোভিড ভেকচিন উপলব্ধ হ’ব বুলি আশা কৰা হৈছে।

ইফালে ভেকচিন প্ৰাপকৰ তথ্য ‘ইলেক্ট্ৰনিক ভেকচিন ইন্টেলিজেন্স নেটৱৰ্ক বা ‘ই-ভিন’ত নথিভুক্ত কৰা হ’ব। এই ডিজিটেল ব্যৱস্থাটো হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ এটা ব্যৱস্থা, যিটোক দেশৰ ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

উল্লেখ্য যে ভেকচিন সম্পৰ্কীয় সমস্ত তথ্য পাতিৰ আপডেট এই ডিজিটেল প্লেটফৰ্মত থাকে।

ইফালে খবৰ অনুসৰি নিৰ্বাচন প্ৰক্ৰিয়াৰ দৰেই ভেকচিন বিতৰণো একে প্ৰক্ৰিয়াৰে বিভিন্ন পৰ্যায়ত কৰা হ’ব।

নিৰ্বাচনী বুথৰ দৰে বিদ্যালয়সমূহক ভেকচিন বিতৰণৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব। প্ৰথম পৰ্বত ৩ কোটি ভেকচিন প্ৰদান কৰাৰ কথা। এই পৰ্যায়ত সত্তৰ লক্ষ চিকিৎসক আৰু চিকিৎসাকৰ্মীক ভেকচিন প্ৰদান কৰা হ’ব।

আৰু বাকী ২ কোটি ভেকচিন প্রথমশাৰীত থাকি কোভিডৰ বিৰুদ্ধে যুদ্ধ কৰা কোভিড যুঁজাৰুসকলক প্ৰদান কৰা হ’ব।

ইয়াৰ আন্তগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২৭ হাজাৰ কোটি টকা অতিৰিক্তভাৱে ব্যয় কৰিব।